গুৱাহাটী, ১৩ এপ্ৰিল :অভূতপূৰ্ব আৰু বৰ্ণনাতীত ! মায়াময় হৈ পৰিল গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম । ঢোল-পেঁপা-গগণাৰ ৰজনজনাই গ’ল সৰুসজাইৰ আকাশ-বতাহ । বিহুৰ অভিনৱ আৰু অনবদ্য প্ৰদৰ্শনৰ সাক্ষী হৈ ৰ’ল সৰুসজাই ষ্টেডিয়াম আৰু উপস্থিত হাজাৰ হাজাৰ দৰ্শক । মুঠ ১১৩০৪ বিহুৱা-বিহুৱতীয়ে একেলগে একেস্থানত প্ৰদৰ্শন কৰিলে বিহুনাচ (Largest Bihu dance performance with over 11304 folk dancers and drummers)।
আনহাতে, তিনি হাজাৰৰো অধিক ঢুলীয়াই প্ৰদৰ্শন কৰিলে ঢোলবাদন । লগে লগে সৃষ্টি হ’ল দুটাকৈ বিশ্ব অভিলেখ । এক অনন্য আৰু অনবদ্য ৰূপত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হ’ল অসমৰ বিহু সংস্কৃতি । উল্লেখ্য যে, গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে বিয়লি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয় প্ৰদৰ্শন কৰে বিহুনাচ । লগতে তিনি হাজাৰৰো অধিক ঢুলীয়াই প্ৰদৰ্শন কৰে ঢোলবাদন ।
বিশ্ব অভিলেখেৰে বাপতি সাহোন ৰঙালী বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এই বিশেষ প্ৰয়াস অসম চৰকাৰৰ । অৱশেষত অসম চৰকাৰৰ প্ৰয়াসে লাভ কৰিলে সফলতা । গীনিজ বুকত নাম অন্তৰ্ভুক্ত হ’ল বিহুনাচ আৰু ঢোলবাদন । আজি সন্ধিয়া এই বিৰল মাহেন্দ্ৰ ক্ষণৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ অসমবাসী । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত দুয়োটা ৰেকৰ্ড কৰা হয় ।