বজালী আৰক্ষীৰ ধনদাবীকাণ্ডৰ সৱিশেষ গুৱাহাটী, ৮ ছেপ্টেম্বৰ: বজালী ধনদাবী গোচৰত গ্ৰেপ্তাৰ হোৱা বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাইয়ে আত্মীয়ৰ ঘৰত লুকাই থোৱা চুটকেছত উদ্ধাৰ হৈছে নগদ ৬৪ লাখ ২৭,৫০০ টকা ৷ এই কথা শুকুৰবাৰে সংবাদমেলত সদৰী কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে ।
শুকুৰবাৰৰ সংবাদমেলত তেওঁ বজালীৰ ধনদাবী গোচৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ৯ আগষ্টত দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দিছিল ৰবিউল ইছলামে । তথ্যসহ অভিযোগ দিছিল ৰবিউল ইছলামে । দুৰ্নীতি নিবাৰক শাখাই পতা জালত নপৰাৰ বাবে গোচৰটো লয় CID য়ে । ৩১ আগষ্টত ১১ টা ধাৰা সন্নিবিষ্ট কৰি CIDয়ে 14/23 নম্বৰত গোচৰ ৰুজু কৰে ।
এই গোচৰত এতিয়ালৈকে বজালী জিলাৰ SP, ASP, DSP, IC, গাড়ীচালক, হোমগাৰ্ড, দালালসহ মুঠ দহজনক গ্ৰেপ্তাৰ কৰা হৈছে । প্ৰথমে ড্ৰাগছ বিচাৰি ১৫-১৬ জুলাইত আৰক্ষীয়ে অভিযান চলাইছিল ৰবিউলৰ ঘৰত ৷ কিন্তু ড্ৰাগছ নাপাই ঘৰৰ পৰা উঠাই লৈ আহিছিল ৰবিউলক । ৰবিউলক ভৱানীপুৰ আৰক্ষী চকীত ৰখা হয় ।
ৰবিউলৰ ভনীয়েক পৰা নগদ ১০ লাখ টকা আৰু ২৩ খন চেক লৈ আহিছিল আৰক্ষীয়ে ৷ ইয়াৰ ভিতৰত ২১ খন উকা চেক থকাৰ লগতে ২ খন চেকৰ এখনত ডেৰ কোটি টকা আৰু আনখনত ২ কোটি ১০ লাখ টকা আছিল ।
ৰবিউলৰ মাতৃৰ স্বাক্ষৰ থকা SBI আৰু HDFC বেংকৰ চেক লৈছিল ধৃত ১০ জনে । ইতিমধ্যে CIDয়ে জব্দ কৰিছে ২৩ খনকৈ চেক । দহ লাখ নগদ ধন আৰু ২৩ খন বেংকৰ চেক, ১৭ টা মোবাইল ফোন, দুটাকৈ আইফোন, এটা লেনোভো লেপটপ, দুটা মেকবুক লৈ ১৭ জুলাইত বজালী আৰক্ষীয়ে এৰি দিছিল ৰবিউলক ।
ৰবিউলক মাৰ-ধৰ কৰা, টকা বিচৰা আদি সকলো কাম কৰিছিল গৃহৰক্ষী জোৱান দ্বীপজয় কলিতা আৰু নবিৰ আহমেদে । দালাল কিশোৰ বৰুৱাই স্বীকাৰ কৰিছে CID ৰ জেৰাত যে তেওঁ আৰু চহিদুল ইছলামে সমগ্ৰ কেলেংকাৰীত দালালি কৰিছিল । ইতিমধ্যে গান্ধীনগৰৰ National Forensic Science Universityৰ পৰা অহা এটা বিশেষজ্ঞৰ দলে জেৰা কৰিছে আটাইকেইটা অভিযুক্তক ৷
লগতে পঢ়ক:Bajali Corruption Case: বজালীৰ পূৰ্বৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোঁহাইক গ্ৰেপ্তাৰ; চৰকাৰী বাসগৃহ ছীল