গুৱাহাটী, ২৬জুলাই : পহিলা আগষ্টৰ পৰা মিছন ভূমিপুত্ৰৰ জৰিয়তে চৰকাৰে অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ দিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই (Assam SC Students Union opposes SC certificates) । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত সন্থাৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ দাসে কয় যে, ইতিমধ্যে অসমত প্ৰায় ৩ লাখ লোকে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰি সুবিধা লৈ প্ৰকৃত অনুসূচিত জাতিৰ লোকক বঞ্চিত কৰিছে (Assam SC Students Union press meet) ।
চৰকাৰে মিছন ভূমিপূত্ৰৰ জৰিয়তে অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ সহজলভ্যভাৱে প্ৰদান কৰিলে অনুসূচিত জাতিৰ লোকসকল সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত । কিয়নো বলীন দাস নামৰ লোকজনে অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰি চাকৰি লোৱাৰ লগতে অনুসূচিত জাতি-জনজাতিৰ বাবে সংৰক্ষিত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি ক্ৰয় কৰিছে ।