গুৱাহাটী,13 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এইবাৰ ৰাষ্ট্ৰসংঘৰ কাষ চাপিছে অসম সংগ্ৰামী মঞ্চ । ৰাইজৰ প্ৰৱল বিৰোধিতা স্বত্বেও বিজেপি চৰকাৰে আইনখন বলৱৎ কৰাৰ পিছত এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ন্যায়ৰ বাবে আবেদন দাখিল কৰিছে সংগঠনটোৱে। ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ কোষ,খিলঞ্জীয়া কোষ আৰু শৰণাৰ্থী কোষত নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত হস্তক্ষেপ বিচাৰি তিনিখনকৈ পত্ৰ প্ৰেৰণ কৰিছে অসম সংগ্ৰামী মঞ্চই । উচ্চতম ন্যায়ালয়ত চলি থকা আইনী যুঁজৰ উপৰিও ৰাষ্ট্ৰসংঘৰ জৰিয়তে খিলঞ্জীয়া বিৰোধী 'কা' বাতিল কৰাৰ বাবে ইতিমধ্যে সাজু হৈছে সংগঠনটো ।
বৃহস্পতিবাৰে মহানগৰীৰ ৰাজগড়স্থিত অসম সংগ্ৰামী মঞ্চৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কথা উল্লেখ কৰে কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে । বৰ্তমানলৈ উচ্চতম ন্যায়ালয়ে বিতৰ্কিত আইনখন সন্দৰ্ভত কোনো স্থগিতাদেশ জাৰি কৰা নাই । যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম সংগ্ৰামী মঞ্চই । ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰা উক্ত আবেদনৰ জৰিয়তে সংশোধিত নাগৰিকত্ব আইনৰ গ্ৰহণযোগ্যতা আন্তঃৰাষ্ট্ৰীয় আইনৰ ভিতৰত পৰে নে নপৰে,শৰণাৰ্থী চিনাক্তকৰণ প্ৰক্ৰিয়া আদি বিষয়সমূহ পৰ্যবেক্ষণ কৰিবলৈ আহ্বান জনায়। ইফালে 'কা' কাৰ্যকৰী হোৱাৰ পিছত অসমৰ থলুৱা লোকসকললৈ ভয়ংকৰ বিপদ আহিব বুলিয়ো এই পত্ৰৰ যোগেদি ৰাষ্ট্ৰসংঘক অৱগত কৰিছে অসম সংগ্ৰামী মঞ্চই ।