গুৱাহাটী, 16 নৱেম্বৰঃ কেবৰ বিৰুদ্ধে এক সৰ্বাত্মক বিদ্ৰোহৰ আহ্বান অসম সংগ্ৰামী মঞ্চৰ । অসম সংগ্ৰামী মঞ্চৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত সংবাদমেল কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনৰ । সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে সভাপতি অদীপ ফুকনে ৷
অসম গণ পৰিষদ নতুনকৈ ৰাইজৰ ৰোষত পৰিবঃ অদীপ ফুকন - গুৱাহাটী
অসম সংগ্ৰামী মঞ্চৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত সংবাদমেল অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনৰ । বিজেপি চৰকাৰে অসমীয়া জাতিক ভয়ংকৰ ভৱিষ্যতলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ কৰে অদিপ কুমাৰ ফুকনে ।
![অসম গণ পৰিষদ নতুনকৈ ৰাইজৰ ৰোষত পৰিবঃ অদীপ ফুকন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5088557-thumbnail-3x2-pressmeet.jpg)
অসমীয়া জাতিক ভয়ংকৰ ভৱিষ্যতলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ বিজেপি চৰকাৰে কৰিছে বুলি অভিযোগ উত্থাপন কৰে অদীপ কুমাৰ ফুকনে । তাৰোপৰি চাৰি-পাঁচ লাখ বিদেশীৰ বিষয়টো অতি সৰু সমস্যা বুলি হিমন্ত বিশ্ব শৰ্মাই অসমক আভুৱা ভাৰিবলৈ চেষ্টা কৰিছে বুলি মন্তব্য কৰাৰ লগতে বৰাক উপত্যকা অসমৰ অংগ হয় নে নহয় বুলিও মন্ত্ৰীজনক প্ৰশ্ন কৰে অদীপ কুমাৰ ফুকনে ৷
অসমৰ জাতীয় আঞ্চলিক দল অগপক লৈ প্ৰতিক্ৰিয়া অদীপ কুমাৰ ফুকনৰ । নাটকীয়ভাৱে পূৰ্বে আঞ্চলিক দলটোৱে বহু কাৰ্য কৰিলে আৰু যদিহে এইবাৰ কেব সন্দৰ্ভত স্পষ্ট স্থিতি গ্ৰহণ নকৰে তেন্তে আঞ্চলিক দলটোৱে অসমৰ জনগণৰ দৃষ্টিত নতুনকৈ ৰোষত পৰিব বুলি মন্তব্য কৰে সভাপতিজনে । আনহাতে অসমীয়া মানুহক ভয়ংকৰ ভৱিষ্যতলৈ ঠেলি দি হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ গুড বুকত থকাৰ স্বাৰ্থত কেবৰ পক্ষত পৰিবেশ সৃষ্টি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপন কৰিলে অদীপ কুমাৰ ফুকনে । অসমত কেবৰ বিৰুদ্ধে এক সৰ্বাত্মক বিদ্ৰোহ কৰাৰ বাবে প্ৰতিটো দল-সংগঠন আৰু সচেতন সমাজলৈ আহ্বান জনালে সংগঠনটোৰ নেতাজনে ।
লগতে পঢ়কঃ কেবৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ কৰিব এ আই ইউ ডি এফে