গুৱাহাটী, ১২ অক্টোবৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি 'লভিতা'ক একে নামেৰে নতুন ৰূপত ভ্ৰাম্যমাণ নাট্যদল আৱাহন থিয়েটাৰে মঞ্চস্থ কৰি একপ্ৰকাৰে ৰূপকোঁৱৰৰ অমৰ সৃষ্টিত কালিমাসনা কাৰ্যক তীব্র ভাষাৰে গৰিহণা দিছে অসম সাহিত্য সভাই (Sahitya Sabha slammed Lavita drama controversy) ।
এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কয় যে জ্যোতিপ্ৰসাদৰ সৃষ্টি বিকৃত কৰিব নালাগে । এই বিষয়ে থিয়েটাৰ গোষ্ঠীয়ে সিদ্ধান্ত ল'ব লাগে । জ্যোতিপ্ৰসাদৰ সৃষ্টি হিচাপে থকাটো ৰাইজে বিচাৰে । জ্যোতিপ্ৰসাদৰ সৃষ্টিত যি অৱদান তাত একক বৈশিষ্ট্য আছে । তাক বিকৃতকৰণ গ্ৰহণযোগ্য নহয় । অসমৰ ৰাইজে কেতিয়াও নিবিচাৰে পুৰোধা ব্যক্তিসকলৰ সৃষ্টি বিকৃতকৰণ কৰাটো (Assam Sahitya Sabha reacted on Lavita drama) ।
উল্লেখ্য যে ৰাজ্যৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ দল আৱাহন থিয়েটাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি লভিতাক বিকৃত ৰূপত উপস্থাপন কৰি মঞ্চস্থ কৰি থকা কাৰ্যৰ বিৰুদ্ধে অব্যাহত আছে বিভিন্ন দল সংগঠন, বিশিষ্ট বুদ্ধিজীৱী, সাহিত্যিক তথা সাংস্কৃতিক কৰ্মীৰ তীব্ৰ প্ৰতিক্ৰিয়া । আৱাহন থিয়েটাৰ আৰু নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ এনে কাৰ্যক ধিক্কাৰ দিছে ৰাইজে । লগতে লভিতা নাট প্ৰদৰ্শন বন্ধ কৰিবলৈও দাবী উত্থাপন হৈছে ।