গুৱাহাটী, ৭ নৱেম্বৰ :দেওবাৰে অসম সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হয় স্বদেশ স্বাভিমান অসমৰ গৌৰৱময় ইতিহাস, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে নতুন পুৰুষৰ এখনি বক্তৃতামালা ৷ দীঘলীপুখুৰীস্থিত অসম সাহিত্য সভাৰ ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত অনুষ্ঠিত এই সভাত সভাপতিত্বত কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ৷ নতুন পুৰুষে ভৱিষতে কেনেদৰে অসমৰ পৰিচয় বিশ্ব দৰবাৰত উজ্বলাই তুলিব পাৰে সেই সন্দৰ্ভত এই সভাখনত আলোচনা কৰা হয় ৷
ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত অনুষ্ঠিত এই সভাত অংশগ্ৰহণ কৰে কেইবাগৰাকীও নতুন পুৰুষ ৷ এই সভাতে নতুন পুৰুষসকলক তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত কি কি কৰিব বা কেনেদৰে আগবাঢ়ি যাব সেই সন্দৰ্ভতো আলোচনা কৰা হয় ৷ কেৱল গুৱাহাটীতে নহয় অসম সাহিত্য সভাই এনে আলোচনা চক্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তটো অনুষ্ঠিত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে সভাপতি কুলধৰ শইকীয়াই ৷