গুৱাহাটী, 5 ডিচেম্বৰ: "আমি প্ৰায় 42 জন কৰ্মচাৰী আছো ৷ আমি দুৰ্গা পূজাৰ সময়লৈ 8 মাহৰ দৰমহা পোৱা নাছিলো ৷ পূজাৰ আগত আমি অভিযোগ কৰাৰ বাবে চাৰিমাহৰ দৰমহা অসম চৰকাৰে মোকলাই দিছিল ৷ অসম চৰকাৰে আমাক গৰু, ছাগলী বুলি ভাবে নেকি ? চৰকাৰে কিয় আমাৰ প্ৰাপ্য ধন মোকলাই দিব নোৱাৰে ? চৰকাৰে আমাৰ মান মৰ্যদা বুজি নাপাই নেকি ? চৰকাৰে আমাৰ পেটৰ ভাতমুঠি কিয় মোকলাই দিব নোৱাৰে ? আপোনালোকৰ দিনত আমি বাৰম্বাৰে কৈ থকাৰ পিছতো কিয় এনেদৰে আন্দোলনত বহিব লগা হৈছে ? আপোনালোকে বাৰম্বাৰে কৈ আহিছে কৰ্মচাৰী বেছি হৈছে বেছি হৈছে, পৰমানন্দ ৰাজবংশীৰৰ দিনত অতিৰিক্ত কৰ্মচাৰী নিয়োগ কৰিব লগা হৈছিল ৷
তেখেতৰ দিনত চৰকাৰে যিমান দৰমহা আছিল তাতকৈ দুগুণ বৃদ্ধি কৰিবলগীয়া হৈছিল ৷ কাৰণ তেখেতসকলৰ নেতৃত্ব সবল আছিল ৷ এতিয়া কৰ্মচাৰী অভাৱ, কৰ্মচাৰীয়ে আন্দোলন কৰিলেই বদলিকৰণ কৰে ৷ দিনক দিনে সাহিত্য সভাৰ কৰ্মচাৰী কমিহে গৈছে ৷ এতিয়াও আমি 6 মাহৰ দৰমহা পোৱা নাই ৷ যদি এনেকৈয়ে থাকে আমি কেনেকৈ চলিম ৷ আমাক যদি দৰমহা নিদিয়ে আমি অনিৰ্দিষ্টকাললৈ এনেদৰে বহিয়েই থাকিম ৷
তাৰ পিছতো যদি চৰকাৰে আমাৰ কথা নুশুনে আমি আমাৰ সতি-সন্ততি লৈ আন্দোলনত বহিবলৈ বাধ্য হম ৷ দৰকাৰ হ’লে আমি ভাত পানীও এৰি, আমি আন্দোলনস্থলীতে নিশা কটাম ৷" প্ৰাপ্য মজুৰি প্ৰদানৰ দাবীত অসম সাহিত্য সভাৰ কল্যাণ সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি এই মন্তব্য প্ৰকাশ কৰে ( Assam Sahitya Sabha employees protest)৷