অসম

assam

ETV Bharat / state

বাংলাদেশত অসমীয়া শিক্ষক মকৰল কৰাৰ আহ্বান অসম সাহিত্য সভাৰ - অসম সাহিত্য সভা

বাংলাদেশত অসমীয়া শিক্ষক মকৰল কৰাৰ বাবে চৰকাৰক আহ্বান জনালে অসম সাহিত্য সভাই ৷ সবিশেষ জানো আহক ৷

assam-sahitya-sabha-asks-government-to-employ-assamese-teacher-in-bangladesh
বাংলাদেশত অসমীয়া শিক্ষক মকৰল কৰাৰ আহ্বান অসম সাহিত্য সভাৰ

By

Published : Sep 14, 2021, 10:14 PM IST

Updated : Sep 15, 2021, 1:48 PM IST

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : বাংলাদেশত বহুসংখ্যক অসমীয়া লোকে অসমীয়া ভাষা শিকিবলৈ আগ্ৰহী আৰু এইক্ষেত্ৰত প্ৰয়োজনীয় বিদ্যালয় আৰু শিক্ষকৰ অভাৱ বুলি গুৱাহাটীৰ পৰা প্ৰকাশিত এখন অসমীয়া দৈনিক বাতৰি কাকতৰ লিখনিৰ আঁত ধৰি অসম সাহিত্য সভাই ৰাজ্য চৰকাৰক বিষয়টো চালি জাৰি চাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।

যোৱা ৯ ছেপ্টেম্বৰত অসমৰ শিক্ষামন্ত্ৰীলৈ এক পত্ৰযোগে সভাৰ তৰফৰ পৰা অনুৰোধ জনাইছে । এই বিষয়ে অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়াই কয় যে, বাংলাদেশৰ কিছু কিছু অঞ্চলত ঐতিহাসিক কাৰণত আঁতৰি যোৱা বহু অসমৰ খিলঞ্জীয়া মানুহ আছে । তেওঁলোকৰ অসমৰ প্ৰতি ভাল ভাৱ শ্ৰদ্ধা ভক্তি আছে । কিছুবছৰ আগতে অসম সাহিত্য সভাৰ কাৰ্যালয়লৈ তেওঁলোকৰ এটা দল আহিছিল ।

বাংলাদেশত অসমীয়া শিক্ষক মকৰল কৰাৰ আহ্বান অসম সাহিত্য সভাৰ

অসমীয়া ভাষা শিকাৰ আগ্ৰহ প্ৰকাশ কৰি অসমৰ কিতাপ পত্ৰ লৈ গৈছিল । কিছু দিন আগতে সাহিত্য সভাৰ সভাপতি গৰাকীয়ে এখন বাতৰি কাকতত লিখনিত তেওঁলোকে অসমীয়া ভাষা শিকাৰ বাবে শিক্ষকৰ আৱশ্যকতা অনুভৱ কৰিছে বুলি জানিব পৰাৰ কথাও অৱগত কৰে । সেই কথাৰ ওপৰত গুৰুত্ব দি লাগিলে তাত অসমীয়া ভাষা শিকোৱা শিক্ষক মকৰল কৰিব পাৰি নেকি এই সম্পৰ্কে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে ।

ইপিনে তেওঁ কয় যে, শিলচৰত অসম সাহিত্য সভাৰ কাৰ্যালয়ৰ চৌহদত স্থাপিত দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়খন অন্য মাধ্যমৰ বিদ্যালয়ৰ সৈতে চামিলকৰণ কৰা কাৰ্যৰ বিৰোধ কৰি শিক্ষামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে । এই ক্ষেত্ৰত তেওঁ কয় যে, এনে কাৰ্যই শিলচৰ চহৰ বা বৃহত্তৰ বৰাক উপত্যকাত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ হ’ব ।

লগতে পঢ়ক :নিমাতীঘাটৰ দুৰ্ঘটনাত মৃত্যু হোৱা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ শেষকৃত্য সম্পন্ন

Last Updated : Sep 15, 2021, 1:48 PM IST

ABOUT THE AUTHOR

...view details