অসম

assam

ETV Bharat / state

Assam Sahitya Sabha: অসম সাহিত্য সভাৰ '২০-'২৩ বৰ্ষৰ বঁটা ঘোষণা - Kalaguru Bishnuprasad Rabha Award

অসম সাহিত্য সভাৰ বঁটা ঘোষণা কৰা হৈছে (Assam Sahitya Sabha Award)। এইবাৰ "অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা" লাভ কৰিছে অধ্যাপক ড৹এম কামালুদ্দিন আহমেদে । "কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা" প্ৰদান কৰা হ'ব ড৹ পূৰ্ণ ভট্টাচাৰ্যক ।

Assam Sahitya Sabha announces awards
ড৹ এম কামালুদ্দিন আহমেদ

By

Published : Jan 22, 2023, 6:38 PM IST

গুৱাহাটী, ২২ জানুৱাৰী:অসম সাহিত্য সভাই ২০-২৩ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিয়ে সভাই প্ৰত্যেক দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি অহা বিভিন্ন বঁটাৰ বাবে বঁটাপ্ৰাপকসকলৰ নাম দেওবাৰে ঘোষণা কৰিছে (Assam Sahitya Sabha announces awards) ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ এম কামালুদ্দিন আহমেদলৈ এই বছৰ জাতীয় চেতনাৰ বাণী কঢ়িওৱা,মানৱীয় মূল্যবোধ তথা সাহিত্য মূল্যসম্পন্ন সৃষ্টিশীল,আলোচনামূলক গ্ৰন্থৰ বাবে "অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা" আগবঢ়োৱা হৈছে (Ambikagiri Raiychoudhury Award announced) ৷ আনহাতে,ড৹ পূৰ্ণ ভট্টাচাৰ্যক অসমীয়া ভাষাত প্ৰকাশিত মৌলিক গ্ৰন্থৰ বাবে "কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা " প্ৰদান কৰা হ'ব (Kalaguru Bishnuprasad Rabha Award)।

অসম সাহিত্য সভাৰ বঁটা ঘোষণা

আনহাতে,অসমীয়া ভাষাত লেখিকাৰ সৃষ্টিশীল অথবা গৱেষণামূলক গ্ৰন্থৰ বাবে "বাসন্তী বৰদলৈ বঁটা" তিনিচুকীয়াৰ নীলাক্ষি চলিহা গগৈলৈ আগবঢ়োৱা হৈছে । অসমীয়া ভাষাত ৰাজনৈতিক পটভূমিত ৰচিত মৌলিক উপন্যাস অথবা ভ্ৰমণ সাহিত্যৰ বাবে "হেম বৰুৱা বঁটা" লাভ কৰিছে গুৱাহাটীৰ গংগাপদ চৌধুৰীয়ে (Hem Barooah Award announced) ৷ ইপিনে, জনজাতীয় গৱেষণামূলক গ্ৰন্থৰ বাবে "বুদুৰাম পাংগিং সোঁৱৰণী বঁটা" লাভ কৰিছে মুকুট শৰ্মাই । ব্যংগ সাহিত্যৰ বাবে" ফণী তালুকদাৰ-ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা" লাভ কৰিছে অঞ্জলি মহন্তই ৷

বৈষ্ণৱ গুৰুসকলৰ জীৱন আদৰ্শ অথবা সমাজ কল্যাণৰ লগত জড়িত বিষয়ক গ্ৰন্থৰ বাবে "ভৰত চন্দ্ৰ বৰুৱা বঁটা" আগবঢ়োৱা হৈছে ভূপেন্দ্ৰ ৰায়চৌধুৰীক । পয়ত্ৰিশ বছৰৰ অনূৰ্ধ লেখক-লেখিকাৰ মৌলিক গ্ৰন্থৰ বাবে "অমূল্য বৰুৱা কবি বঁটা" লাভ কৰিছে নলবাৰীৰ ৰঞ্জিৎ পাটগিৰিয়ে ৷ নতুন লেখকৰ দ্বাৰা ৰচিত উপন্যাসৰ পাণ্ডুলিপিৰ বাবে "গিৰিধৰ শৰ্মা বঁটা" লাভ কৰিছে নগাঁৱৰ প্ৰতিভা ভাগৱতীয়ে ৷

উল্লেখ্য যে এইবাৰ অসমৰ জাতি-উপজাতি সমন্বয় সংহতিৰ বক্তব্য দাঙি ধৰা গ্ৰন্থৰ বাবে সভাই প্ৰদান কৰি অহা "সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা"ৰ বাবে কোনো গ্ৰন্থ মনোনীত কৰিব পৰা নাই বুলি সভাই উল্লেখ কৰিছে ৷ এইবাৰ বঁটাৰ নিৰ্বাচনী সমিতিৰ সদস্য়সকল হৈছে ড৹ মঞ্জু দেৱী পেগু, ডাঃ অপুৰ্ব কুমাৰ শইকীয়া আৰু অনুভৱ তুলসী ৷ অহা ২ ফেব্ৰুৱাৰীত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ মুকলি সভাত বিয়লি ৩.৩০ বজাত এই বঁটাসমূহ প্ৰদান কৰা হ'ব ৷

লগতে পঢ়ক:Pranjit Das is no more: ভ্ৰাম্যমাণৰ মঞ্চ উকা কৰি গুচি গ'ল বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাস

ABOUT THE AUTHOR

...view details