অসম

assam

ETV Bharat / state

Sahitya Akademi Award 2022: ৰাজ্যৰ 4গৰাকী বিশিষ্ট সাহিত্যিক-গল্পকাৰ-কবিলৈ সাহিত্য অকাডেমি 2022 বঁটা - Assam Sahitya Akademi award

ৰাজ্যৰ 4গৰাকী বিশিষ্ট সাহিত্যক, গল্পকাৰ তথা কবিলৈ আগবঢ়োৱা হৈছে 2022 বৰ্ষৰ সাহিত্য অকাডেমি বঁটা(Sahitya Akademi Award 22) ৷ দেশৰ মুঠ 23টা ভাষাত আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি 2022 বঁটা ৷

Sahitya Akademi Award 2022
ৰাজ্যৰ 4গৰাকী বিশিষ্ট সাহিত্যক, গল্পকাৰ তথা কবিলৈ সাহিত্য অকাডেমি 2022 বঁটা

By

Published : Dec 22, 2022, 5:39 PM IST

Updated : Dec 22, 2022, 7:25 PM IST

নিউজ ডেস্ক, 22 ডিচেম্বৰ: ৰাজ্যৰ 4গৰাকী বিশিষ্ট সাহিত্যক, গল্পকাৰ তথা কবিলৈ আগবঢ়োৱা হৈছে 2022 বৰ্ষৰ সাহিত্য অকাডেমি বঁটা(Sahitya Akademi Award 2022) ৷ দেশৰ মুঠ 23টা ভাষাত আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি 2022 বঁটা ৷

অসমীয়া ভাষাত গল্পকাৰ মনোজ কুমাৰ গোস্বামীলৈ(Manoj Kr Goswami) ’ভুল সত্য’(Bhool Satya) চুটি গল্প সংকলনৰ বাবে আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা ৷ বড়ো ভাষাত ৰশ্মি চৌধুৰীলৈ ‘চনচিৰিনি মদিৰা’(Sansrini Modira) কাব্য সংকলনৰ বাবে আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা ৷

‘কচাৰেথি’ নামৰ মালয়ালম উপন্যাসৰ অসমীয়া অনুবাদ ‘কচাৰেথি: আৰায়া নাৰী’(Kocharethi Araya Nari) নামৰ গ্ৰন্থৰ বাবে জুৰি দত্তলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি অনুবাদ বঁটা ৷ ‘কাবুলিৱালাৰ বেংগলী বৌ’ নামৰ বেংগলী উপন্যাসৰ বড়ো অনুবাদ ‘কাবুলিৱালানি বেংগলী বিজি’(Kabuliwalani Bengali Biji) নামৰ গ্ৰন্থৰ বাবে ৰাজা দেৱজিৎ বসুমতাৰিলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি অনুবাদ বঁটা ৷

লগতে পঢ়ক:Sahitya Akademi 2022: গল্পকাৰ-সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমি বঁটা

Last Updated : Dec 22, 2022, 7:25 PM IST

ABOUT THE AUTHOR

...view details