গুৱাহাটী, ২৪ মেঃ লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ অসন্তুষ্ট কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা। গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল যোগে মন্তব্য ৰিপুণ বৰাৰ ।
লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি কয় গণতন্ত্ৰ ৰাইজৰ ৰায় আমি মানি লৈছোঁ যদিও নিৰ্বাচনৰ স্বচ্ছ আৰু নিকা ফলাফলকলৈ কংগ্ৰেছ দলৰ সন্দেহ আছে। বৰাই কংগ্ৰেছ কর্মী সকলক নিৰ্বাচনত তেওঁলোৰ অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কর্মী সকলক নিৰাশ নহ'বলৈ আহ্বান জনায়। এই ফলাফল আমাৰ প্ৰত্যাশিত নাছিল যদিও আমি ২০ বছৰৰ পিছত নগাঁও আসন দখল কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য প্ৰকাশ কৰে বৰাই। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰভাৱ লোকসভা নিৰ্বাচনত নপৰিল যদিও আমাৰ স্থিতি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থাকিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে ৰিপুন বৰাই ।