গুৱাহাটী, ১৮ নৱেম্বৰ :যিকোনো মুহূৰ্ততে আম্বানিৰ চিৰিয়াখানালৈ যাব অসম ৰাজ্যিক চিৰিয়াখানাৰ দুটাকৈ গঁড় । ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে অসম ৰাজ্যিক চিৰিয়াখানাই (Assam Rhino to Ambani Zoo) । গুজৰাটৰ জামনগৰস্থিত ৰিলায়েন্সৰ ব্যক্তিগত চিৰিয়াখানা Greens Zoological Rescue and Rehabilitation Centre-লৈ নিয়া হ'ব তিনি বছৰীয়া বিশ্বনাথ আৰু সুকানি নামৰ গঁড় দুটা ।
তাৰ বিনিময়ত অৱশ্যে অসম ৰাজ্যিক চিৰিয়াখানাই একো জন্তু নাপাব (Assam State Zoo and Botanical Garden) । ইফালে এই কাৰ্যক লৈ জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনসমূহ । আনহাতে, কেন্দ্ৰীয় চিৰিয়াখানা কর্তৃপক্ষৰ অনুমতি সাপেক্ষে আম্বানিৰ চিৰিয়াখানালৈ গঁড় দুটা প্ৰেৰণ কৰা হ'ব বুলি মন্তব্য কৰিছে অসম ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ’ (DFO) অশ্বিনী কুমাৰে (DFO of Assam State Zoo) ।
আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰাৰ পৰা বিৰত থাকি অনানুষ্ঠানিকভাৱে তেওঁ কয় যে অসম ৰাজ্যিক চিৰিয়াখানাত সম্প্ৰতি ১১ টা গঁড় আছে । তাৰ মাজৰ দুটা গঁড় ৰিলায়েন্স চিৰিয়াখানালৈ পঠোৱা হ'ব । ইতিমধ্যে গঁড় দুটা আনবোৰ গঁড়ৰ পৰা পৃথক কৰি ৰখা হৈছে । কিন্তু তাৰ বিনিময়ত উক্ত চিৰিয়াখানাৰ পৰা কোনো জন্তু নাপাব অসম ৰাজ্যিক চিৰিয়াখানাই (Reliance Zoo Jamnagar) ।
এখন নতুন চিৰিয়াখানা বাবে উক্ত চিৰিয়াখানাৰ পৰা কোনো জীৱ-জন্তু নাহে বুলি মন্তব্য কৰে ডিএফঅ'জনে (Reliance Zoo of Gujrat) । আনহাতে, কোনবোৰ চিৰিয়াখানাৰ পৰা জীৱ-জন্তুৰ বিনিময়ত কি জন্তু আনিব সেয়াহে প্ৰকাশ কৰে । তেওঁ প্ৰকাশ কৰা অনুসৰি, মহীশূৰৰ পৰা দুটা জেব্ৰা আহিব অসম ৰাজ্যিক চিৰিয়াখানালৈ ৷ ইয়াৰ বিপৰীতে এটা হলৌ বান্দৰ যাব মহীশূৰ চিৰিয়াখানালৈ । আনহাতে, এটা মাইকী জিৰাফ আহিব পাটনাৰ সঞ্জয় গান্ধী চিৰিয়াখানাৰ পৰা ৷