অসম

assam

ETV Bharat / state

ৰাজ্যৰ বিশিষ্ট বামপন্থী মহিলা নেত্ৰী মাধুৰী দেৱীৰ মৃত্যু - মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৩ বছৰ

অসমৰ মহিলা আন্দোলনৰ বিশিষ্ট নেত্ৰী, CPI(M)ৰ ৰাজ্যিক কমিটিৰ প্ৰাক্তন সদস্যা মাধুৰী দেৱীয়ে বৃহস্পতিবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে(Leftist female leader Madhuri devi is no more) ৷ 5 মাৰ্চত হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল মাধুৰী দেৱীৰ ৷

Leftist female leader Madhuri devi is no more
ৰাজ্যৰ বিশিষ্ট বাওঁপন্থী মহিলা নেত্ৰী মাধুৰী দেৱীৰ মৃত্যু

By

Published : Mar 11, 2022, 1:39 PM IST

গুৱাহাটী,১১ মাৰ্চ:অসমৰ মহিলা আন্দোলনৰ বিশিষ্ট নেত্ৰী, চি পি আই (এম)ৰ ৰাজ্যিক কমিটিৰ প্ৰাক্তন সদস্যা মাধুৰী দেৱীয়ে বৃহস্পতিবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ ৫ মাৰ্চত হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল তেওঁৰ (Leftist female leader Madhuri devi is no more) ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৩ বছৰ ৷

ছাত্ৰাৱস্থাতে গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আকৃষ্ট হোৱা মাধুৰী দেৱীয়ে পৰৱৰ্তী সময়ত অসমত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি গঢ়ি তোলাৰ কামত নিজকে নিয়োজিত কৰিছিল । সংগঠনটোৰ জন্মলগ্নৰে পৰা জড়িত হৈ থাকি তেখেতে ৰাজ্যখনত মহিলাসকলক সংগঠিত কৰাত সম্পূৰ্ণ আত্মনিয়োগ কৰে ৷

তেখেতে ২০০৩ চনৰ পৰা ২০১০ চনলৈ নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক সভানেত্ৰী হিচাপে আৰু ২০১০-১৬ চনলৈ সংগঠনটোৰ ৰাজ্যিক সম্পাদিকা হিচাপে অসমৰ গণতান্ত্ৰিক মহিলা আন্দোলনৰ নেতৃত্ব প্ৰদান কৰে ৷ তদুপৰি তেখেতে অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰো ৰাজ্যিক সভানেত্ৰী হিচাপে ৰাজ্যখনৰ অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক সংগঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ৷

ৰাজ্যখনত অন্ধবিশ্বাস, কু-সংস্কাৰ বিৰোধী আন্দোলন বিকশিত কৰাৰ দিশতো তেখেতে উল্লেখযোগ্য বৰঙণি আগবঢ়ায় ৷ তেখেতৰ শেষ ইচ্ছা অনুসৰি তেখেতৰ চকুজুৰি শংকৰদেৱ নেত্ৰালয়ত দান কৰা হয় ৷ তদুপৰি ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেখেতৰ মৰণোত্তৰ দেহদান কৰা হ’ব ৷

বিশিষ্ট মহিলা নেত্ৰী মাধুৰী দেৱী CPI(M) দলৰো এগৰাকী আগশাৰীৰ নেত্ৰী আছিল ৷ ১৯৮৫ চনত তেখেতে CPI(M)ৰ সদস্যপদ লাভ কৰে ৷ মাক্সৰ্বাদ-লেনিনবাদৰ আদৰ্শৰ দ্বাৰা আকৰ্ষিত হৈ মাধুৰী দেৱীয়ে জনসাধাৰণক আৰু বিশেষকৈ দুৰ্গত মহিলাসকলক সংগঠিত কৰাৰ বাবে সক্ৰিয়ভাৱে কাম-কাজ কৰে ৷ ২০০৮ চনত তেখেতে দলটোৰ ৰাজ্যিক কমিটিলৈ নিৰ্বাচিত হয় ৷

স্বাস্থ্যজনিত কাৰণত তেখেতে যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ, শিলচৰত অনুষ্ঠিত হোৱা ৰাজ্যিক সন্মিলনত ৰাজ্যিক কমিটিৰ পৰা অব্যাহতি লয় ৷ তেখেত আছিল CPI(M)ৰ জ্যেষ্ঠ নেতা উদ্ধৱ বৰ্মনৰ পত্নী ৷ তেখেতৰ পাৰ্থিৱ শৰীৰ ১১ মাৰ্চৰ পুৱা হেদায়েৎপুৰস্থিত CPI(M)ৰ ৰাজ্যিক কাৰ্যালয়লৈ অনা হ’ব আৰু দলৰ সদস্য-সমৰ্থক আৰু গুণমুগ্ধসকলে তাত শেষশ্ৰদ্ধা জ্ঞাপন কৰিব ৷

ইয়াৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষৰ ওচৰত তেখেতৰ মৰণোত্তৰ দেহ অৰ্পণ কৰা হ’ব ৷ এইগৰাকী বিশিষ্ট মহিলা নেত্ৰীৰ মৃত্যু অসমৰ গণতান্ত্ৰিক মহিলা আন্দোলন আৰু CPI(M)ৰ বাবে এক অপূৰণীয় ক্ষতি ৷ CPI(M)ৰ অসম ৰাজ্যিক কমিটিয়ে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷ দলে উদ্ধৱ বৰ্মন আৰু পৰিয়ালৰ অন্যান্য সদস্যসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক:Kokrajhar Encounter : আৰক্ষীৰ গুলীত আহত বহিঃৰাজ্যৰ গাঞ্জা সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details