অসম

assam

ETV Bharat / state

First waterbody census: দেশৰ প্ৰথম জলাশয় পিয়লৰ প্ৰতিবেদন প্ৰকাশ; পঞ্চম স্থানত অসম

সোমবাৰে প্ৰকাশ পালে দেশৰ প্ৰথম জলাশয় পিয়ল প্ৰতিবেদন (India’s first reservoir census report released) ৷ সৰ্বাধিক জলাশয় থকা ৰাজ্যৰ তালিকাত প্ৰথম স্থানত আছে পশ্চিম বংগ ৷ এই তালিকা অনুসৰি, অসমৰ স্থান আছে পঞ্চমত (Assam ranks 5th in India’s reservoir census report) ৷

First waterbody census
জলাশয় পিয়লৰ প্ৰতিবেদনত প্ৰকাশ

By

Published : Apr 24, 2023, 9:22 PM IST

গুৱাহাটী, ২৪ এপ্ৰিল :শেহতীয়াকৈ প্ৰকাশ পাইছে কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ জৰীপ কৰা দেশৰ প্ৰথম জলাশয় পিয়ল প্ৰতিবেদন (INDIA’s first reservoir census report released)। জলাশয় পিয়ল প্ৰতিবেদন মতে, সৰু-বৰ সকলো মিলি সৰ্বমুঠ ২৪,২৪,৫৪০ টা প্ৰাকৃতিক আৰু মানৱসৃষ্ট জলাশয় আছে । কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ে প্ৰকাশ কৰা প্ৰতিবেদনখনৰ মতে, দেশত থকা ২৪,২৪,৫৪০ টা জলাশয়ৰ ২৩,৫৫,০৫৫ টা অর্থাৎ ৯৭.১ শতাংশ গ্ৰামাঞ্চলত অৱস্থিত ।

আনহাতে, ৬৯,৪৮৬ টা অর্থাৎ ২.৯ শতাংশ নগৰাঞ্চলত আছে । অসমত সৰু-বৰ সকলো মিলি সৰ্বমুঠ ১,৭২,৪৯২ টা প্ৰাকৃতিক আৰু মানৱসৃষ্ট জলাশয় আছে বুলি ‘‘জলাশয় পিয়ল’’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে (First waterbody census) । জলাশয়ৰ সংখ্যাৰ তালিকাত পশ্চিমবংগ, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা অসমতকৈ আগত আছে । সামগ্ৰিকভাৱে জলাশয়ৰ ক্ষেত্ৰত অসম পঞ্চম স্থানত (Assam ranks 5th in India’s wetlands census report) ।

দেশৰ প্ৰথম জলাশয় পিয়ল প্ৰতিবেদন

তথ্য মতে, পশ্চিম বংগত সৰু-বৰ সকলো মিলি সৰ্বমুঠ ৭,৪৭,৪৮০ টা প্ৰাকৃতিক আৰু মানৱসৃষ্ট জলাশয় আছে । উত্তৰ প্ৰদেশত সৰু-বৰ সকলো মিলি সৰ্বমুঠ ২,৪৫,০৮৭ টা প্ৰাকৃতিক আৰু মানৱসৃষ্ট জলাশয় আছে । অন্ধ্ৰপ্ৰদেশত সৰু-বৰ সকলো মিলি সৰ্বমুঠ ১,৯০,৭৭৭ টা প্ৰাকৃতিক আৰু মানৱসৃষ্ট জলাশয় আছে । ওড়িশাত সৰু-বৰ সকলো মিলি সৰ্বমুঠ ১,৮১,৮৩৭ টা প্ৰাকৃতিক আৰু মানৱসৃষ্ট জলাশয় আছে (India’s wetlands census report) ।

উল্লেখ্য যে, প্ৰতিবেদন মতে, পশ্চিম বংগত সৰ্বাধিক খাল আৰু প্ৰাকৃতিক জলাধাৰা আছে । উত্তৰ প্ৰদেশত সৰ্বাধিক পুখুৰী আছে । তামিলনাডুত সৰ্বাধিক হ্ৰদ আছে । আকৌ মহাৰাষ্ট্ৰত সৰ্বাধিক জলাশয় সংৰক্ষণৰ আঁচনি আছে । কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ে আজি অৰ্থাৎ সোমবাৰে প্ৰকাশ কৰা প্ৰতিবেদনখনৰ মতে, অসমত থকা ১,৭২,৪৯২ টা জলাশয়ৰ ১,৭০,১১২ টা অর্থাৎ ৯৮.৬ শতাংশ গ্ৰামাঞ্চলত অৱস্থিত ।

আনহাতে, ২,৩৮০ টা অর্থাৎ ১.৪ শতাংশ নগৰাঞ্চলত আছে । ১৩ টা জলাশয় বেদখলৰ কৱলত পৰিছে । ৰাজ্যখনৰ জলাশয়সমূহৰ সিংহভাগেই ব্যক্তিগত মালিকানাধীন । অসমৰ ১,৬৪,৪১১ টা অর্থাৎ ৯৫.৩ শতাংশ জলাশয়ৰ মালিকীস্বত্ব ব্যক্তিগত । তাৰ বিপৰীতে ৮০৮১ টা অর্থাৎ ৪.৭ শতাংশহে ৰাজহুৱা খণ্ডৰ অন্তৰ্গত । মুঠ জলাশয়সমূহৰ ৯৮.২ শতাংশ ব্যৱহৃত হৈ আছে আৰু ১.৮ শতাংশ শুকোৱা, গেদ পৰা, ব্যৱহাৰৰ অনুপযোগীকৈ নষ্ট হোৱা আৰু অন্যান্য কাৰণত অব্যৱহৃত হৈ আছে ।

জলাশয় পিয়লৰ প্ৰতিবেদনত প্ৰকাশ

জৰীপত প্ৰকাশ পোৱা তথ্য মতে, অসমৰ মুঠ জলাশয়ৰ ৯৭.৬৯ শতাংশ অর্থাৎ ১,৬৮,৫০৩ টা মানৱ-সৃষ্ট আৰু ২.৩১ শতাংশ অর্থাৎ ৩৯৮৯ টা প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা । ৰাজ্যখনত বৃহৎ পুখুৰী হিচাপে গণ্য কৰিব পৰা ২২৫ টা, সৰোবৰ শ্ৰেণীৰ ১৯৬ টা আৰু জলাধাৰ শ্ৰেণীৰ ১০০ টা জলাশয় আছে । জলাশয়বোৰৰ ৯০.২ শতাংশ মৎস্য পালনৰ বাবে ব্যৱহাৰ কৰাৰ বিপৰীতে ৭.৯ শতাংশ ঘৰুৱা কাম/পানী খোৱা পুখুৰী হিচাপে ব্যৱহাৰ কৰা হয় । জলসিঞ্চনৰ কামত মাত্ৰ ০.৩ শতাংশ অর্থাৎ ৫৩২ টা জলাশয় ব্যৱহাৰ কৰা হয় ।

মনকৰিবলীয়া যে, অসমৰ জলাশয়সমূহৰ ৯৭.৭০ শতাংশ অর্থাৎ ১,৬৮,৫২০ টাই পুখুৰী । এই পুখুৰীবোৰৰ সৰ্বাধিক ৯০.১৭ শতাংশ অর্থাৎ ১,৫২,৬৯৮ টা মৎস্য পালনৰ বাবে ব্যৱহাৰ কৰা হয় । আনহাতে, এই জলাশয়বোৰৰ মৎস্য পালনত ব্যৱহাৰ কৰা জলাশয়ৰ সংখ্যা তথা শতকৰা হাৰৰ হিচাপত অসমৰ স্থান দেশৰ ভিতৰত দ্বিতীয় যদিও অসম এতিয়াও মৎস্য উৎপাদনত আত্মনিৰ্ভৰশীল হ’বলৈ বহু বাকী আছে ।

লগতে পঢ়ক :Sudan Crisis: আভ্যন্তৰীণ সংঘাতত জৰ্জৰ ছুডানত নিহতৰ সংখ্যা বৃদ্ধি

ABOUT THE AUTHOR

...view details