গুৱাহাটী,২ মাৰ্চঃ২৬ মাৰ্চত ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে হ'বলগীয়া নিৰ্বাচনৰ বাবে ৰাজ্যৰ শাসক-বিৰোধী উভয় শিবিৰতে আৰম্ভ হৈছে ৰাজনৈতিক সমীকৰণ। সংখ্যাৰ জোৰেৰে প্ৰথম দুখন আসন শাসকীয় মিত্ৰজোটৰ হাতত থকাটো নিশ্চিত । সেয়েহে এই দুখন আসনৰ প্ৰাৰ্থী কোন হ'ব পাৰে তাকে লৈ এতিয়া ৰাজনৈতিক মহলত চলিছে সাংঘাতিক জল্পনা কল্পনা । কিন্তু শাসক পক্ষৰ ফালৰ পৰা ই টিভি ভাৰতৰ হাতত আহি পৰা তথ্য অনুসৰি এই দুখন আসনৰ এখনত প্ৰাক্তন কংগ্ৰেছ সাংসদ তথা ন-বিজেপি ভুৱনেশ্বৰ কলিতাক বিজেপিয়ে প্ৰাৰ্থঈত্ব দিয়াটো প্ৰায় নিশ্চিত ।
আনহাতে,দ্বিতীয়খন আসন যিহেতু বিজেপিয়ে মিত্ৰদল বি পি এফক এৰি দিব লাগিব গতিকে এইখন আসনৰ বাবে বিশ্বজিৎ দৈমাৰীকেই পুনৰ প্ৰাৰ্থীত্ব দিয়াৰ পোষকতা কৰিছে দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ।