অসম

assam

সমাজকল্যাণ বিভাগৰ 300 কোটি টকীয়া কেলেংকাৰীৰ তথ্য বিচাৰি অসম পাব্লিক ৱৰ্কছৰ সংবাদমেল

By

Published : Nov 30, 2020, 9:15 PM IST

পিছপৰা জাতিৰ উন্নয়নৰ অজুহাতত 2018-19 আৰু 2018-20 বিত্তীয় বৰ্ষত বিভিন্ন নিবিদাৰ নামত ষড়যন্ত্ৰমূলকভাৱে প্ৰায় তিনিশ কোটি টকা লুন্ঠন কৰাৰ অভিযোগ ৷ এই অভিযোগ প্ৰদান কৰিলে অসম পাব্লিক ৱৰ্কছৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে ৷

assam-public-works-press-meet-seeks-information-on-rs-300-crore-scam-of-social-welfare-department
সমাজকল্যাণ বিভাগৰ 300 কোটি টকীয়া কেলেংকাৰীৰ তথ্য বিচাৰি অসম পাব্লিক ৱৰ্কছৰ সংবাদমেল

গুৱাহাটী, 30 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভৈয়াম অঞ্চলৰ জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ উন্নয়নৰ অজুহাতত 2018-19 আৰু 2018-20 বিত্তীয় বৰ্ষত বিভিন্ন নিবিদাৰ নামত ষড়যন্ত্ৰমূলকভাৱে প্ৰায় তিনিশ কোটিৰো অধিক ধন পানীত পেলাই ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ উন্নয়ন বিভাগৰ আমোলা বিষয়াই ঠিকাদাৰৰ সতে মিলি ব্যাপক লুণ্ঠন চলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ সোমবাৰে সংবাদমেল সম্বোধন কৰি ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ লোকক কৰা লুণ্ঠনৰাজৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ’ল অসম পাব্লিক ৱৰ্কছৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে ৷

অসম পাব্লিক ৱৰ্কছৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰৰ মন্তব্য

অভিযোগ অনুসৰি, সমাজ কল্যাণ বিভাগৰ পূৰ্বৰ সঞ্চালক বিভাষ মোডীৰ আমোলত বিভাগীয় মন্ত্ৰী চন্দন ব্ৰহ্মৰ ছত্ৰছায়াত বিভাগীয় সকলো নীতি-নিয়ম জলাঞ্জলি দি 300 কোটিৰ বিভিন্ন সামগ্ৰী যোগানৰ নিবিদা আহ্বান কৰিছিল ৷ কিন্তু নিবিদা গ্ৰহণ কৰাৰ পিচতো কোনো ধৰণৰ সামগ্ৰী লাভ নকৰিলে ঠিকাদাৰ প্ৰতিষ্ঠান সমূহে ৷ তেওঁ আকৌ সংবাদমেলত জনোৱা অনুসৰি, বিভাষ মোডীয়ে এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ ঘনিষ্ঠ জনৈক বৰুৱা উপাধিৰ লোকে দিছপুৰত উঠি ৰজা বহি ৰজা হোৱাৰ সুবাদতে শীৰ্ষ বিষয়াৰ সৈতে মিলি 300 কোটি টকা মোকলাই নিছিল ৷

অসম পাব্লিক ৱৰ্কছৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰৰ মন্তব্য

যাৰ বাবে আসাম পাব্লিক ৱৰ্কছৰ দাবী, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা জাতি উন্নয়ন বিভাগে তেওঁলোকৰ অভিযোগ তথ্য সহকাৰে নাকচ কৰিব লাগে ৷ লগতে, আৱন্টিত সামগ্ৰীসমূহৰ বিপৰীতে হিতাধিকাৰীৰ জিলা ভিত্তিত তালিকা দাখিল কৰি উক্ত হিতাধিকাৰীসকল সামগ্ৰীসমূহৰ বাবে যোগ্য হয় নে নহয় তাৰো প্ৰমাণ দাখিল কৰাৰ দাবী জনাইছে ৷

লগতে পঢ়ক :অগ্নিদগ্ধ হৈ উত্তৰ প্ৰদেশৰ এজন সাংবাদিকৰ মৃত্যু : হত্যাৰ সন্দেহ

ABOUT THE AUTHOR

...view details