গুৱাহাটী, ৭ আগষ্ট:ঝাৰখণ্ড জে এম এম আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰখন পতন ঘটাবলৈ বিধায়ক ক্ৰয়-বিক্ৰয় হোৱা আৰু এনে অভিসন্ধি অসমতে ৰচনা কৰা হৈছিল বুলি উত্থাপিত অভিযোগকলৈ অসম পাব্লিক ৱৰ্কছে শনিবাৰে মহানগৰীৰ গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । ঝাৰখণ্ডৰ বিধায়ক ক্ৰয়-বিক্ৰয়ৰ ঘটনাটোৰ প্ৰকৃত সত্য উন্মোচনৰ বাবে এটা গোচৰ ৰুজু কৰা বুলি অসম পাব্লিক ৱৰ্কছৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে কয় ।
এজাহাৰখনত উল্লেখ কৰা মতে, ঝাৰখণ্ডৰ চৰকাৰৰ পতন ঘটাবলৈ ৰাজ্যখনৰ কংগ্ৰেছ বিধায়ক সকলক ভেটি দিয়া সন্দৰ্ভত প্ৰকাশিত বাতৰি, কংগ্ৰেছ নেতাৰ টুইট আৰু ঝাৰখণ্ডৰ বিধায়ক কুমাৰ জয়মংগলে আৰক্ষীক দাখিল কৰা অভিযোগৰ ভিত্তিতে অসম পাব্লিক ৱৰ্কছে গোচৰ ৰুজু কৰিছে (Assam Public Works filed FIR) । আনহাতে, সমগ্ৰ ঘটনাৱলীক অসম পাব্লিক ৱৰ্কছে অপৰাধমূলক অভিসন্ধি বুলি অভিহিত কৰিছে । অসম পাব্লিক ৱৰ্কছে লগতে এনে অভিসন্ধি অসমতে ৰচনা হোৱাক লৈ গৰিহণা দিয়ে ।