অসম

assam

ETV Bharat / state

ভূটানত অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ভূটানত অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী । সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰি  দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয় সাংস্কৃতিক দলটো ।

By

Published : Jul 26, 2019, 8:22 AM IST

ভূটানত অসমৰ বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান

গুৱাহাটী, ২৬ জুলাইঃ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভূটানত অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে । সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয় সাংস্কৃতিক দলটোৱে ।
গুৱাহাটী মহানগৰীৰ অগ্ৰণী শিক্ষানুষ্ঠান প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটি দলে অলপতে ভূটানৰ মংগাৰস্থিত ৰয়েল ভূটান ইউনিভাৰ্ছিটিৰ অন্তৰ্গত গাইলশ্বপিং মহাবিদ্যালয় আৰু ইনফৰমেছন টেকনলজীত সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে । অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি প্ৰায় চাৰি হাজাৰ দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয় । ইয়াৰ ভিতৰত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পৰিৱেশিত ভোৰতাল নৃত্য আৰু বিহু নৃত্যত উপস্থিত বিশিষ্ট ব্যক্তি তথা দৰ্শকৰ দ্বাৰা বিপুলভাৱে সমাদৃত হয় । উক্ত কাৰ্যসূচীত অসম চৰকাৰৰ উপ উচ্চ শিক্ষাধিকৰ্তা শ্ৰী মতী চিন্ময়ী তালুকদাৰে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰে ।

ভূটানত অসমৰ বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান

ABOUT THE AUTHOR

...view details