গুৱাহাটী, 26 মাৰ্চ : সমগ্ৰ দেশৰ লগতে আজিঅসমতো প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰে সংকল্প সত্যাগ্ৰহ কাৰ্যসূচী । ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ অসম প্ৰদেশ কংগ্ৰেছে ৰূপায়ণ কৰে এই সত্যাগ্ৰহ কাৰ্যসূচীৰ । অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা চৌহদত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, ৰকিবুল হুছেইন, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, ৰাণা গোস্বামীকে ধৰি বহু কেইজন কংগ্ৰেছ বিধায়কৰ লগতে জ্যেষ্ঠ কংগ্ৰেছী নেতা (Protest against Rahul Gandhi disqualification)।
ইয়াৰ উপৰি এই সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ অজিত কুমাৰ ভূঞা, বিধায়ক অখিল গগৈকে আদি কৰি বিভিন্ন বিৰোধী ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে ৷ চিপি আই (এম) দলৰ ইছফাকুৰ ৰহমান, নয়নজ্যোতি ভূঞাৰ লগতে দলটোৰ কেইবাগৰাকীও নেতা-কৰ্মী উপস্থিত থাকে । কাৰ্যসূচীত ভাষণ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিয়ে বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি উল্লেখ কৰে । দলটো ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি উল্লেখ কৰি বি জে পি দলৰৰ স্বৈৰাচাৰিতাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা বুলি উল্লেখ কৰে (Assam Pradesh Congress Sankalp Satyagraha at Guwahati)।