গুৱাহাটী, 22 এপ্ৰিল :কোকৰাঝাৰৰ সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ জিম্মাত থকা গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক মুকলি কৰি দিয়াৰ দাবীত কংগ্ৰেছে শুক্ৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Congress protest in Kokrajhar demanding release of Jignesh Mewani) । অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত শ শ কংগ্ৰেছ কৰ্মীয়ে ৰাজপথলৈ ওলাই আহি জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰি তোলে ।
উল্লেখ্য যে, কোকৰাঝাৰ থানাত যোৱা ১৯ এপ্ৰিলত বিজেপি নেতা তথা বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই দাখিল কৰা এজাহাৰৰ ভিত্তিত দলিত নেতা মেৱানীক বুধবাৰৰ নিশা গুজৰাটত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (MLA Jignesh Mevani arrested by Assam Police) । তাৰ পিছত বৃহস্পতিবাৰে মেৱানীক অসম আৰক্ষীয়ে বিমানেৰে আনি গুৱাহাটীৰ পৰা স্থলপথেৰে কোকৰাঝাৰলৈ নিয়ে ।
কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনত জিগনেশ মেৱানীৰ বিৰুদ্ধে ১২০ (বি)/১৫৩ (এ)/২৯৫ (এ)/৫০৪/৫০৫ (এ) (বি (চি) (২) ধাৰা আৰু আই টি আইনৰ ৬৬ ধাৰাৰ অধীনত ১৮৩/২০২২ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল । কোকৰাঝাৰ সদৰ থানাত বিধায়কজনক তিনি ঘণ্টা সোধা-পোচা কৰাৰ অন্তত চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰে ৷
তাৰ পিছতে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয় নেতা জিগনেশ মেৱানীক । আৰক্ষীয়ে মেৱানীক ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰিছিল যদিও কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মেৱানীক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে (Three days police custody for Jignesh mevani)। মেৱানীক জেৰাৰ বাবে কোকৰাঝাৰ আৰক্ষী থানাত ৰখা হৈছে ।