অসম

assam

ETV Bharat / state

প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক গৰিহণা কংগ্ৰেছৰ - Assam Pradesh Congress press meet on CA(A)

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত অসমত হোৱা হিংসাত্মক কাৰ্যত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ এই বৰ্বৰ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ এই আক্ৰমণৰ তদন্তৰ দাবী জনাইছে  অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷

Assam Pradesh Congress press meet on CA(A)
নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল

By

Published : Dec 16, 2019, 5:51 PM IST

গুৱাহাটী, 16 ডিচেম্বৰঃ অসমৰ পিচতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলিছে সমগ্ৰ দেশ ৷ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল ৷ গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক সংবাদমেল সম্বোধন কৰি অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলৰ ওপৰত আৰক্ষীৰ আক্ৰমণৰ তদন্তৰ দাবী কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ এই আইনৰ প্ৰতিবাদৰ সময়ত সমগ্ৰ অসমৰ ঠায়ে ঠায়ে হিংসাত্মক কাৰ্য সংঘটিত হৈছিল আৰু ইয়াক প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলক দমন কৰিবলৈ লাঠি চালনাৰ লগতে কন্দুৱা গেছ আৰু গুলী নিক্ষেপকৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল

আনহাতে ঘটনাত আৰক্ষীৰ আক্ৰমণত বহু প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে পাঁচজনকৈ লোক ইতিমধ্যে নিহত হৈছে । প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ এই বৰ্বৰ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ লগতে সভাপতিজনে সংবাদমেলত কয় যে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা ৰাইজৰ ওপৰত আৰক্ষীৰ আক্ৰমণৰ ওপৰত এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু কংগ্ৰেছ দলে এই আক্ৰমণৰ তদন্তৰ দাবী জনাইছে । আনহাতে আৰক্ষীৰ আক্ৰমণত নিহত তথা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লোকসকলক চৰকাৰে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবেও তেওঁ দাবীও জনায় ৷

ইয়াৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিজেপিৰ নেতা সকলে প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা কংগ্ৰেছ দলে কৰা বুলি কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰি ৰিপুন বৰাই এই সমগ্ৰ ঘটনাৰো তদন্তৰ দাবী জনায়। বিজেপি আৰু অগপৰ নেতা সকলে নাগৰিকত্ব সংশোধনী আইন বিৰোধী ৰাইজৰ ৰূপ দেখি এতিয়া কংগ্ৰেছ দলৰ ওপৰত সকলো দোষ জাপি দিবলৈ চেষ্টা কৰিছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ৷

আৰু পঢ়কঃদিল্লীত CAAৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদঃ প্ৰতিবাদকাৰীয়ে জ্বলালে বাছ

ABOUT THE AUTHOR

...view details