অসম

assam

By

Published : Jul 5, 2021, 9:26 PM IST

ETV Bharat / state

পৰীক্ষাৰ ফলাফলক লৈ এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই অসম চৰকাৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত দুয়োজন কংগ্ৰেছ নেতাই বৰ্তমান সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰৰ কিছুমান সিদ্ধান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

Assam Pradesh Congress Press Conference
অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী, ৫ জুন :"হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনক লৈ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ল'ৰা ধেমালি কৰি আছে । চৰকাৰখনৰ শেহতীয়া কাম কাজে প্ৰমাণ কৰিছে যে তেওঁলোকৰ কোনো শৈক্ষিক ধ্যান ধাৰণা নাই আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ তেওঁলোক মুঠেও উদ্বিগ্ন নহয় ।" সোমবাৰে এক সংবাদমেলত সম্বোধন কৰি এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

নিজৰ স্থিতি সঘনাই সলনি কৰি থকা চৰকাৰখনে শিক্ষাৰ্থীসকলৰ সুৰক্ষিত আৰু সুন্দৰ ভৱিষ্যতৰ স্বাৰ্থত এই পৰ্যন্ত এটি সুস্থিৰ সিদ্ধান্ত ল'ব পৰা নাই ৷ এইক্ষেত্ৰত শিক্ষাৰ্থীসকলক কাৰ্যতঃ পণবন্দী কৰি ৰখাটো দুৰ্ভাগ্যজনক । মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ কথাৰ অমিল আৰু বিপৰীত স্থিতিয়ে তেওঁলোকৰ মাজত যোগাযোগহীনতা আৰু চৰকাৰখনৰ অৰাজকতাক প্ৰতিফলিত কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে ৰিপুন বৰাই ৷

তেওঁ কয়, প্ৰথম অৱস্থাত বিদ্যালয়সমূহত আভ্যন্তৰীণ মূল্যায়নৰ ব্যৱস্থা নাই বুলি কৈ পৰীক্ষা পাতিমেই বুলি আঁকোৰগোজ হৈ ৰোৱা বিজেপি চৰকাৰখনে অৱশেষত বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিতে ফলাফল ঘোষণাৰ সিদ্ধান্ত লৈছে ৷ ইয়াৰ বাবে যি নীতি ঘোষণা কৰিলে সেয়াই শিক্ষাৰ্থীসকলক সকাহ দিয়াৰ সলনি অধিক অনিশ্চয়তাৰ মাজলৈ লৈ গৈছে ।

পৰীক্ষাৰ ফলাফলক লৈ এটা সিদ্ধান্তত উপনিত হ'ব পৰা নাই অসম চৰকাৰ

শিক্ষামন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে যে, বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিত যি ফলাফল দিয়া হ'ব সেয়া কেৱল নামভৰ্ত্তিৰ বাবেহে প্ৰযোজ্য হ'ব ৷ ভৱিষ্যতে চাকৰিৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব । এই ফলাফলত অসন্তুষ্টসকলে পাছত বিশেষ পৰীক্ষাত বহিব পাৰিব বুলিও শিক্ষামন্ত্ৰীয়ে কৈছে । ইপিনে শিক্ষামন্ত্ৰীৰ মন্তব্যৰ বিপৰীতে মেৰুত অৱস্থান লৈছে মুখ্যমন্ত্ৰী ৷

মুখ্যমন্ত্ৰীৰ মতে বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিত ঘোষণা কৰা ফলাফলেৰে শিক্ষাৰ্থীয়ে চাকৰিও পাব ৷ কেৱল টেট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এই ফলাফল গ্ৰহণ কৰা নহ'ব । এনে বিপৰীত ভাষ্য আৰু চৰকাৰখনে সিদ্ধান্ত লওঁতে কৰা অহেতুক বিলম্বই শিক্ষাৰ্থী, অভিভাৱক, শিক্ষক সকলোকে অধিক বিপাঙত পেলাইছে । এনে পৰিস্থিতিৰ অৱসান ঘটাই অনতি পলমে শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যৎ সুৰক্ষিত কৰিব পৰা এক সিদ্ধান্তত উপনীত হ'বলৈ চৰকাৰখনক দাবী জনাই সভাপতি বৰাই ।

একেখন সংবাদমেলতে অখিল গগৈৰ প্ৰসংগত চৰকাৰৰ ভাষ্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সভাপতি ৰিপুন বৰায় ৷ নিয়াৰ আদালতে দোষমুক্ত কৰাৰ দিনাই বিধায়ক অখিল গগৈয়ে দীৰ্ঘদিনৰ মূৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কেবিন এৰি ঘৰলৈ যোৱা প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰি কেতবোৰ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে ।

এইক্ষেত্ৰত মন্ত্ৰী পীযুষ হাজৰিকাই স্পষ্টভাৱে কৈছে যে যি সময়ত ক'ভিড আক্ৰান্তৰ বাবে এটা কেবিন বিচাৰি সাধাৰণ মানুহে হাহাকাৰ কৰিবলগীয়া হৈছিল, সেই সময়ত অখিল গগৈয়ে জি এম চি এইচ কৰ্তৃপক্ষক কিবা "ফিটিং" কৰি মাহৰ পাছত মাহ এটা কেবিন আৱদ্ধ কৰি ৰাখিছিল । মন্ত্ৰীজনৰ সুৰতে সুৰ মিলাই মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে হঠাৎ এদিনতে ১২ টা মান বেমাৰ ভাল হৈ যোৱা এনে কি ভিটামিন জি এম চি এইচে আৱিষ্কাৰ কৰিলে তেওঁক সেইটো লাগে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে স্পষ্ট কৰি কয়, অখিল গগৈয়ে নিজ ইচ্ছা মতে এইদৰে জি এম চি এইচৰ কেবিনত নাছিল । মেডিকেল ব'ৰ্ডৰ পৰামৰ্শ আৰু আদালতৰ নিৰ্দেশৰ ভিত্তিতহে তেওঁক এইদৰে কেবিনত ৰাখি চিকিৎসা কৰি থকা হৈছিল । গতিকে,মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যে ন্যায়পালিকাৰ ওপৰত আস্থা নাই, তেওঁলোকৰ মনত যে আইন আদালতৰ প্ৰতি তিলমানো সন্মান নাই সেইকথা প্ৰমাণিত হৈছে ।

অখিল গগৈয়ে কাৰাবন্দী অৱস্থাত এইদৰে জি এম চি এইচৰ কেবিনত থাকি চিকিৎসা গ্ৰহণ কৰি থকা সময়ছোৱাত কাৰ চৰকাৰ আছে ? এই সময়ছোৱাত স্বাস্থ্যমন্ত্ৰী কোন ? যদি কিবা "ফিটিং" হৈছে, তাৰ বাবে দায়ী কোন ? বিজেপিৰ দিনত ইমান অৰাজক চলি আছেনে ? এনেদৰে প্ৰশ্ন উত্থাপন কৰে সভাপতিগৰাকীয়ে।

পৰীক্ষাৰ ফলাফলক লৈ এটা সিদ্ধান্তত উপনিত হ'ব পৰা নাই অসম চৰকাৰ

ইপিনে, সংবাদমেলখনত উপস্থিত থাকি সাংসদ তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয় যে, অসমৰ মাজেৰে বাংলাদেশলৈ চলা গৰুৰ অবৈধ সৰবৰাহক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত গৰু ছিণ্ডিকেটত মাহে এহেজাৰ কোটি টকা লেনদেন কৰে বুলি কয় গৌৰৱ গগৈয়ে ৷

'সম্প্ৰতি ড্ৰাগছৰ বিৰুদ্ধেও অসম আৰক্ষীয়ে সক্ৰিয় অভিযান চলোৱা পৰিলক্ষিত হৈছে । ড্ৰাগছৰ অবাধ বেহা আৰু প্ৰচলন তথা গৰু চিণ্ডিকেট আদি বিগত ২ মে'ৰ পাছতহে অসমত আৰম্ভ হৈছে নেকি ? নিশ্চয় নহয় । তেন্তে পূৰ্বৰে পৰা চলি থকা এই সমূহৰ বিৰুদ্ধে বিগত সময়ছোৱাত চৰকাৰ তথা আৰক্ষী বিভাগ সক্ৰিয় হোৱা নাছিল কিয় ?' সংবাদমেলত এইদৰে প্ৰশ্ন উত্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

লগতে পঢ়ক: SI বদ্ৰীয়ে ঘৰ বনাই দিয়াৰ কথা অস্বীকাৰ সৰস্বতীৰ মাতৃৰ

ABOUT THE AUTHOR

...view details