অসম

assam

উপ-নিৰ্বাচন : কংগ্ৰেছৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত হাইকামাণ্ডে মাৰিব মোহৰ

By

Published : Oct 1, 2021, 8:37 PM IST

Updated : Oct 1, 2021, 9:03 PM IST

উপ-নিৰ্বাচনৰ সন্দৰ্ভত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ ৰুদ্ধদ্বাৰ বৈঠক। উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া জিলা সমূহৰ জিলা কংগ্ৰেছ কমিটিয়ে এটা সমষ্টিত তিনি গৰাকীকৈ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছে। ইয়াৰ পাছত প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচন কমিটিৰ বৈঠকত সিদ্ধান্ত কৰি প্ৰাৰ্থী তালিকা দিল্লীৰ হাইকামাণ্ডলৈ প্ৰেৰণ কৰা হ'ব ।

by polls of assam
উপ-নিৰ্বাচন : ছটা সমষ্টিতে প্ৰাৰ্থী দিব কংগ্ৰেছে

গুৱাহাটী,১ অক্টোবৰ :উপ-নিৰ্বাচনত বিৰোধী ঐক্যৰ কথা কোৱা কংগ্ৰেছ দলে এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত। ইতিমধ্যে পাঁচটা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে যদিও ছটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । যাৰবাবে সম্পূৰ্ণ ৰূপে সাজু হৈছে প্ৰধান বিৰোধী দল কংগ্ৰেছ । উপ-নিৰ্বাচনৰ সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটীৰ এখন হোটেলত প্ৰদেশ কংগ্ৰেছৰ কেইবালানি বৈঠক অনুষ্ঠিত হয় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ আহ্বান ক্ৰমে আয়োজন কৰা বৈঠকত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে ।

উপ-নিৰ্বাচন : ছটা সমষ্টিতে প্ৰাৰ্থী দিব কংগ্ৰেছে

লগতে পঢ়ক:শ্বেৰমান আলি বিজেপিৰ এজেন্ট : অখিল গগৈ

প্ৰথমতে শিৱসাগৰ, যোৰহাট, মাজুলী, বাক্সা, কোকৰাঝাৰ আৰু বৰপেটাৰ জিলাৰ কংগ্ৰেছৰ জিলা সভাপতিৰ লগতে উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ছটা সমষ্টি ক্ৰমে থাওৰা, মৰিয়নী, তামুলপুৰ, গোঁসাইগাঁও, ভৱানীপুৰ আৰু মাজুলীৰ ব্লক কংগ্ৰেছৰ সভাপতিসকলৰ লগত বৈঠক অনুষ্ঠিত হয় ।

ইয়াৰ পাচতে, প্ৰদেশ কংগ্ৰেছৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, টিকটৰ বাবে আবেদন জনোৱা প্ৰাৰ্থীৰ তালিকা বিচাৰ-বিবেচনা কৰি সংক্ষিপ্ত কৰা হৈছে । ছটা সমষ্টিৰ বাবে মুঠ ৪৮ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল আৰু ইয়াৰে প্ৰতিটো সমষ্টিত তিনিগৰাকীকৈ ১৮ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰি তালিকা প্ৰস্তুত কৰা হৈছে ।

লগতে পঢ়ক:মাজুলীৰ আয়ুৰ্বেদিক হাস্পতালৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহৰ জিলা কংগ্ৰেছ কমিটিয়ে এটা সমষ্টিত তিনি গৰাকীকৈ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছে । ইয়াৰ পাছত প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচন কমিটিৰ বৈঠকত সিদ্ধান্ত কৰি প্ৰাৰ্থী তালিকা দিল্লীৰ হাইকামাণ্ডলৈ প্ৰেৰণ কৰা হ'ব । হাই কামাণ্ডে চূড়ান্ত তালিকাত ছীল-মোহৰ লগাব ।

উল্লেখ যে, বিজেপিক প্ৰতিহত কৰাৰ বাবে বিৰোধী প্ৰতিটো দলেই উপ-নিৰ্বাচনত বিৰোধীৰ একোজন উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পোষকতা কৰিছিল । এই ক্ষেত্রত বিৰোধী দলসমূহৰ মাজত আলোচনাও অনুষ্ঠিত হৈছিল । কিন্তু বিৰোধী ঐক্যৰ বিপৰীতে ছটা সমষ্টিতে নিজৰ প্ৰাৰ্থী দিয়াৰ বাবে প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত কৰিছে কংগ্ৰেছে ।

লগতে পঢ়ক:নতুন SOP আহিল : ছবি গৃহ মুকলি কৰাৰ অনুমতি ৰাজ্য চৰকাৰৰ

Last Updated : Oct 1, 2021, 9:03 PM IST

ABOUT THE AUTHOR

...view details