অসম

assam

ETV Bharat / state

APCC criticized BJP : মোডী চৰকাৰৰ আদানী প্ৰীতিৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ - মোডী চৰকাৰে এল আই চিক বিনিয়োগ কৰিবলৈ বাধ্য

‘‘সংসদত বিৰোধীক কোনো এটা বিষয় ভালদৰে চৰ্চা কৰিবলৈ দিয়া নহয় । চৰ্চা কৰিবলৈ দিয়া নহয় আদানীৰ কাৰচাজিৰ বিষয়ে । বিজেপি শাসনলৈ অহাৰ পাচত দেশৰ অৰ্থনীতিৰ বেয়া দিন আৰম্ভ হৈছে । মোডী চৰকাৰে সংখ্যৰ বলত সংসদত সকলো কথা তল পেলাব বিচাৰে ।’’ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেলত এই অভিযোগ দলটোৰ (APCC spokespersons press meet in Guwahati)।

APCC criticized BJP
প্ৰধানমন্ত্ৰীয়ে দেশৰ সম্পত্তি বৃহৎ পুঁজিপতিক গটাই দিব বিচাৰিছে : প্ৰদেশ কংগ্ৰেছ

By

Published : Feb 23, 2023, 8:45 PM IST

প্ৰধানমন্ত্ৰীয়ে দেশৰ সম্পত্তি বৃহৎ পুঁজিপতিক গটাই দিব বিচাৰিছে : প্ৰদেশ কংগ্ৰেছ

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী : বিজেপি চৰকাৰে সংসদীয় পৰম্পৰাক নসাৎ কৰি বিৰোধীৰ ভূমিকাক নোহোৱা কৰিব বিচাৰিছে । এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ । বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখনি সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কুশল কুমাৰ শৰ্মা আৰু গোপাল শৰ্মা (APCC spokespersons press meet in Guwahati)।

তেওঁলোকে অভিযোগ কৰি কয় যে, সংসদত বিৰোধীক কোনো এটা বিষয় ভালদৰে চৰ্চা কৰিবলৈ দিয়া নহয় । চৰ্চা কৰিবলৈ দিয়া নহয় আদানীৰ কাৰচাজিৰ বিষয়ে । সংবাদমেলত মুখপাত্ৰ গোলাপ শৰ্মাই কয় যে, বিজেপি চৰকাৰে ভাৰতবৰ্ষৰ শক্তিশালী অৰ্থনীতি ধ্বংস কৰি পেলাইছে । বিজেপি শাসনলৈ অহাৰ পাচত দেশৰ অৰ্থনীতিৰ বেয়া দিন আৰম্ভ হৈছে (APCC spokespersons criticized BJP) ।

তেওঁ লগতে কয় যে, ৰাইজে জানিব বিচাৰে যে এই চৰকাৰখন কিয় সংসদীয় বিতৰ্কৰ মূল্য হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে আৰু প্ৰধানমন্ত্ৰীয়ে কিয় সংসদত প্ৰাসংগিক প্ৰশ্নৰ উত্তৰ দিয়া নাই । ভাৰতৰ জনসাধাৰণে জানিব বিচাৰে যে কিয় প্ৰধানমন্ত্ৰীয়ে দেশৰ সম্পত্তি বৃহৎ পুঁজিপতিক গটাই দিব বিচাৰিছে । গৌতম আদানীৰ ক্ষেত্ৰত কিয় মোডী চৰকাৰ নমনীয় বুলি তেওঁ প্ৰশ্ন কৰে ।

তেওঁ কয় যে, মোডী চৰকাৰে সংখ্যৰ বলত সংসদত সকলো কথা তল পেলাব বিচাৰে । প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতলৈ ক’লা ধন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল । প্ৰতিজন নাগৰিকৰ বেংক একাউণ্টত লাখ লাখ টকা জমা কৰা হ’ব বুলি কৈছিল । কিন্তু বাস্তৱতাৰ ইয়াৰ সম্পূৰ্ণ বিপৰীত হ’ল । ৰাইজৰ অতি কষ্টৰ সঞ্চিত ধন এতিয়া ওলাই যোৱাৰ উপক্ৰম হৈছে ।

সংবাদমেলত তেওঁ গৌতম আদানীৰ প্ৰৱঞ্চনাৰ কথা উল্লেখ কৰি চৰকাৰখনৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে । মোডী চৰকাৰৰ কলংকিত অধ্যায়ৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, আদানীৰ বিৰুদ্ধে থকা অভিযোগবোৰ প্ৰকাশ হোৱাৰ পিচত শ্বেয়াৰ ষ্টকৰ মূল্য হ্ৰাস হৈছে । মূলতঃ কৃত্ৰিমভাৱে বঢ়োৱা মূল্যৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ পিচত আদানী গ্ৰুপৰ ষ্টকত বিনিয়োগ কৰা লাখ লাখ খুচুৰা বিনিয়োগকাৰীৰ আৰ্থিক ক্ষতি সাধন কৰিছিল । এল আই চিৰ হাতত থকা আদানী গ্ৰুপৰ ষ্টকৰ মূল্য ৮৩০০০ কোটি টকাৰ পৰা ৩৯০০০ কোটি টকালৈ হ্ৰাস পাইছিল ।

শ্বেয়াৰৰ মূল্য হ্ৰাস হোৱা স্বত্বেও আৰু গোটটোৰ দ্বাৰা অন্যায়ৰ গুৰুতৰ অভিযোগ থকাৰ পাচতো মোডী চৰকাৰে এল আই চিক বিনিয়োগ কৰিবলৈ বাধ্য কৰিছিল । তেওঁ কয় যে সত্য কেতিয়াও লুকাই নাথাকে । এদিন নহয় এদিন সত্য পোহৰলৈ ওলাই আহে । ইডি আৰু চি বি আইৰ ব্যৱহাৰ কৰিও সত্যক দমন কৰিব ৰাখিব নোৱাৰি । তেওঁ কয় যে বিজেপি চৰকাৰৰ প্ৰতিটো কলংকিত অধ্যায় এটাৰ পাচত আনটোকৈ পোহৰলৈ আহিব ।

উল্লেখ্য যে, বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত উক্ত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কুশল কুমাৰ শৰ্মা আৰু গোপাল শৰ্মাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ আন কেইবাজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :Nagaon congress criticized BJP : দেশৰ অৰ্থনীতি থান বান কৰি দিলে আদানীয়ে; সুৰেশ বৰা

ABOUT THE AUTHOR

...view details