অসম

assam

ETV Bharat / state

APCC criticises BJP: আজৱ চৰকাৰ আজৱ শিক্ষা বিভাগ - আজৱ চৰকাৰ আজৱ শিক্ষা বিভাগ

ৰাজ্য চৰকাৰৰ দেউলীয়া অৱস্থাৰ ছবি দাঙি ধৰি সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত(Assam pradesh congress committe) । ৰাজ্য চৰকাৰৰ ওফাইডাং মৰা নীতিৰ পৰিণতিত অসমৰ ৩৩৭ খন প্ৰাদেশীকৃত মহাবিদ্যালয় ঘোৰ অৰ্থিক সংকটত ভুগিছে । চৰকাৰৰ চূড়ান্ত কাণ্ডজ্ঞানহীন সিদ্ধান্তৰ বাবেই অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে অসমৰ উচ্চ-শিক্ষা খণ্ড(Higher education sector in Assam) ।

APCC criticises BJP: আজৱ চৰকাৰ আজৱ শিক্ষা বিভাগ
Assam pradesh congress committe criticises BJP

By

Published : Oct 26, 2022, 9:29 PM IST

গুৱাহাটী,২৬ অক্টোবৰ: হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ কেৱল হিতাধিকাৰী সৃষ্টিৰে ভোটবেংক টনকিয়াল কৰাত ব্যস্ত বিজেপি চৰকাৰে অসমখনক সৰ্বস্তৰতে ঠগ-প্ৰৱঞ্চনাৰে ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ বিষয়টো এতিয়া আৰু লুকাই থকা নাই- এই বক্তব্য প্ৰদেশ কংগ্ৰেছৰ । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই কয় যে ৰাজ্য চৰকাৰৰ অৰ্থনৈতিক অৱস্থা যে লাওলোৱা সেই কথা লাহে লাহে পোহৰলৈ আহিছে(Assam pradesh congress committe) । ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰৰ ওফাইডাং মৰা নীতিৰ পৰিণতিত অসমৰ ৩৩৭ খন প্ৰাদেশীকৃত মহাবিদ্যালয় ঘোৰ অৰ্থিক সংকটত ভুগিছে(APCC criticizes BJP) ।

বছৰি ৫ লাখ টকাতকৈ কম আয়ৰ পৰিয়ালৰ শিক্ষার্থীক বিনামূলীয়াকৈ নামভৰ্তিকৰণৰ সুবিধা দি সেই ধন ৰাজ্য চৰকাৰে মহাবিদ্যালয়সমূহক ক্ষতিপূৰণ হিচাপে পৰিশোধ কৰিব বুলি দিয়া ভুৱা চৰকাৰী আশ্বাসৰ পৰিণতিত এতিয়া অর্থনৈতিক নাটনিৰ পৰিপ্ৰেক্ষিতত স্থবিৰতা নামি আহিছে ৩৩৭ খন মহাবিদ্যালয়লৈ । মহাবিদ্যালয় কর্তৃপক্ষসমূহে সকলো তথ্য-পাতি চৰকাৰে বিচৰা মতেই জমা দিয়াৰ পিছতো ২০২১-২২ বৰ্ষৰ প্ৰাপ্য ক্ষতিপূৰণৰ ধনৰ মাত্ৰ ৪৮ শতাংশ ধন চৰকাৰে মহাবিদ্যালয়সমূহক এই পর্যন্ত ঘূৰাই দিব পাৰিছে । বাকী ৫২ শতাংশ ধন কেতিয়া মহাবিদ্যালয়সমূহে লাভ কৰিব তাৰো কোনো নিশ্চয়তা দিব পৰা নাই ৰাজ্য চৰকাৰে ।

আনহাতে ২০২১-২২ ৰ ৫২ শতাংশ বকেয়া থকাৰ সময়ত মহাবিদ্যালয়সমূহত পুনৰ ২০২২-২৩ বৰ্ষৰ নামভৰ্তিকৰণ ইতিমধ্যে সম্পূৰ্ণ হৈছে । তাৰ বিস্তৃত তথ্য-পাতিও মহাবিদ্যালয়সমূহে ইতিমধ্যে জমা দিছে । কিন্তু তাৰ এপইচাও এই পর্যন্ত ৰাজ্য চৰকাৰে মহাবিদ্যালয়সমূহক ঘূৰাই দিব পৰা নাই । উল্লেখ্য যে নামভৰ্তিৰ মাচুলৰ বাবদ প্ৰতিখন মহাবিদ্যালয়ে গড়ে ১০ লাখ টকাৰ পৰা ৩৫-৪০ লাখ টকা সংগ্ৰহ কৰিছিল আৰু তাৰে শিক্ষাৰ্থীৰ বাবদ বিশ্ববিদ্যালয়ক দিবলগীয়া মাচুল, পুথিভঁড়ালৰ বাবে কিতাপ ক্ৰয়, মহাবিদ্যালয়ৰ বিদ্যুতৰ বিল পৰিশোধ কৰা আদি ব্যয়সমূহ পূৰণ কৰিছিল । কিন্তু বৰ্ত্তমানৰ পৰিস্থিতিত অসমৰ বহু মহাবিদ্যালয়ে অর্থ-সংকটৰ পৰিণতিত বহু মাহ ধৰি বিদ্যুতৰ বিল পৰিশোধ কৰিব পৰা নাই(Crisis in Higher education sector in Assam) ।

নতুন শিক্ষানীতি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰতো মহাবিদ্যালয়সমূহক পর্যাপ্ত পৰিমাণৰ ধনৰ প্ৰয়োজন হৈছে । কিন্তু পুঁজিৰ অভাৱত মহাবিদ্যালয়সমূহে সেইবোৰ কাৰ্যকৰণৰ ক্ষেত্ৰত কিঞ্চিতো আগবাঢ়িব পৰা নাই । অসমৰ বহু মহাবিদ্যালয়ত বিভিন্ন বিষয়ত ‘অস্থায়ী’ বা ‘ঠিকাভিত্তিক' আৰু 'অতিথি' শিক্ষকক শিক্ষণৰ বাবে আমন্ত্ৰণ কৰা হয় । কিন্তু ধনৰ অভাৱত বৰ্তমান সেই প্ৰক্ৰিয়া একপ্ৰকাৰ বন্ধ হৈ পৰিছে আৰু তেনে শিক্ষকসকলেও লাহে লাহে ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়লৈ ঢাপলি মেলিবলৈ বাধ্য হৈ পৰিছে(Higher education sector in Assam) ।

গতিকে শৈক্ষিক ধাৰাবাহিকতাত যতি পৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বিস্তৰ ক্ষতিসাধন হৈছে(Poor education sector in Assam) । তেওঁ কয় যে ৰাজ্য চৰকাৰৰ চূড়ান্ত কাণ্ড-জ্ঞানহীন সিদ্ধান্তৰ বাবেই আজি এটা অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিবলৈ বাধ্য হৈছে অসমৰ উচ্চ-শিক্ষা খণ্ড। ইফালে বিদ্যালয়সমূহৰ পৰা ধন ঘূৰাই বিচাৰি চৰকাৰে দিয়া জাননী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে চৰকাৰে শেহতীয়াকৈ বাৰ্ষিক অনুদান হিচাপে ৰাজ্যৰ প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহলৈ বছৰি দিয়া অনুদানৰ ব্যয় নোহোৱাকৈ থকা ধনৰাশি সুদসহ চৰকাৰক ঘূৰাই দিবলৈ কঠোৰ জাননী জাৰি কৰিছে ।

তেওঁ কয় যে এনে বিদ্যালয়সমূহৰ বিদ্যুতৰ বিল, কাৰ্যালয় চলোৱাৰ বাবে দৈনন্দিন খৰছ, বিদ্যালয় চৌহদ পৰিস্কাৰ কৰি ৰখা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আদিৰ বাবদ ব্যয় কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুসৰি ৫০ হেজাৰৰ পৰা ১ লাখ, ১ লাখ ২০ হাজাৰকৈ টকা বছৰি বিদ্যালয়সমূহক ৰাজ্য চৰকাৰে অনুদান হিচাপে প্ৰদান কৰি আহিছে । সৰহ সংখ্যক বিদ্যালয়েই অতি বেছি ৭৫ হেজাৰকৈ টকা লাভ কৰে বছৰি । চৰকাৰে বিদ্যালয়সমূহক অনুদান হিচাপে দিয়া এই নগণ্য পৰিমাণৰ ধনৰ ব্যয় নোহোৱাকৈ জমা থকা সুদসহ সমুদায় অংশ ততালিকে দিছপুৰ শাখাৰ কানাড়া বেংকৰ নিৰ্দিষ্ট একাউণ্টত জমা দিবলৈ জাননী জাৰি কৰিছে ।

তেনেস্থলত বাকী ছমাহ বিদ্যালয়সমূহ কেনেকৈ চলিব বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ লগতে কয় যে তথ্য মতে ৰাজ্যৰ ৫০ লক্ষাধিক ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ 'ইউনিফর্ম’ যোগান ধৰাৰ চৰকাৰী আঁচনিৰ অধীনত চৰকাৰে বিদ্যালয়সমূহৰ বেংক একাউণ্টত ধন জমা দিছিল ঠিকেই, কিন্তু শিক্ষা বিভাগে সেই ধন খৰছ নকৰিবলৈ বিদ্যালয়সমূহক জাননী দি বন্ধ কৰি ৰাখিলে। আজি শিক্ষাবৰ্ষৰ ছমাহ উকলি যোৱাৰ পিছতো ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰিলে 'বিনামূলীয়া ইউনিফর্ম’। তেওঁ কয় যে আজৱ চৰকাৰ, আজৱ শিক্ষা বিভাগ । সংবাদমেলখনত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল ।

লগতে পঢ়ক:GMC Scam: বোকা নিষ্কাশন কেলেংকাৰীৰ ৯ অভিযুক্তক জে'ললৈ

ABOUT THE AUTHOR

...view details