অসম

assam

ETV Bharat / state

ৰাজস্থানৰ পৰাই অসমৰ দলীয় কাম-কাজ চম্ভালিছে জিতেন্দ্ৰ সিঙে - Assam

ৰাজস্থানৰ পৰাই পৰিচালিত হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সকলো কাম-কাজ । কিয়নো শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হিচাপে দায়িত্বভাৰ লাভ কৰা জিতেন্দ্ৰ সিং এবাৰলৈয়ো অহা নাই অসমত ৷ বিগত চেপ্তেম্বৰ মাহৰ মধ্যভাগতে তেওঁক এই দায়িত্ব প্ৰদান কৰা হৈছিল ৷

অসমৰ দলীয় কাম-কাজ চম্ভালিছে জিতেন্দ্ৰ সিঙে
অসমৰ দলীয় কাম-কাজ চম্ভালিছে জিতেন্দ্ৰ সিঙে

By

Published : Oct 12, 2020, 4:04 PM IST

গুৱাহাটী, ১২ অক্টোবৰ: বিগত প্ৰায় এমাহে দিল্লী আৰু ৰাজস্থানৰ পৰাই পৰিচালিত হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সকলো কাম-কাজ । কিয়নো,অসমৰ দায়িত্বত থকা পূৰ্বৰ তত্বাৱধায়ক হৰিশ ৰাৱাটক আণঁতৰাই নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ নতুন তত্বাৱধায়ক হিচাপে যোৱা চেপ্তেম্বৰ মাহৰ মধ্যভাগতে নিযুক্তি দিছিল জিতেন্দ্ৰ সিঙক । কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল দায়িত্ব লাভৰ পাচৰ পৰা এতিয়ালৈকে অসমত ভৰি দিয়াহি নাই জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা তত্বাৱধায়ক গৰাকীয়ে ।

ৰাজস্থানৰ পৰাই অসমৰ দলীয় কাম-কাজ চম্ভালিছে জিতেন্দ্ৰ সিঙে
অৱশ্যে দায়িত্ব গ্ৰহণৰ পাচত নতুন তত্বাৱধায়কগৰাকীয়ে "জুম" এপৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া সকলৰ সৈতে বিভিন্ন আলোচনা আদিত অংশগৰ্হণ কৰিছে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) ৰঞ্জন বৰাই সোমবাৰে ইটিভি ভাৰতৰ সংবাদিকক জনায় যে, ইতিমধ্যে "জুম" এপৰ দ্বাৰা জিতেন্দ্ৰ সিঙে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি, সাধাৰণ সম্পাদক,সম্পাদক,জিলা সভাপতিসকলৰ সৈতে মত বিনিময় কৰিছে । সাংসদ আৰু বিধায়ক সকলৰ সৈতেও অনলাইনত আলোচনাত বহিছে । যিসময়ত ৰাজ্যৰ নিৰ্বাচন আহি দুৱাৰমুখত উপস্থিত হৈছে,শাসকীয় দল বিজেপিয়ে যুদ্ধকালিন তৎপৰতাৰে সমষ্টিয়ে সমষ্টিয়ে নামি পৰিছে,সেই সময়ত ৰাজ্যৰ তত্বাৱধায়কৰ দায়িত্ব লোৱাৰ এমাহ পাচতো অসমত জিতেন্দ্ৰ সিঙে ভৰি নিদিয়াটো তাৎপৰ্যপূৰ্ণ বিষয় ৰূপে বিবেচিত হৈছে ।

ABOUT THE AUTHOR

...view details