গুৱাহাটী, ১৬ মে’:শীঘ্ৰেই হয়তো অসম আৰক্ষীৰ বহুতো বিষয়া-জোৱানে ল’বলগা হ’ব পাৰে বাধ্যতামূলক অৱসৰ (Assam Police VRS) ৷ কাৰণ অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে কৰিছে এক বিশেষ ঘোষণা (Assam Police DGP GP Singh) ৷ অসম আৰক্ষীৰ সকলো বিষয়া-জোৱানে অচিৰেই হ’ব লাগিব শাৰীৰিক পৰীক্ষাৰ সন্মুখীন ৷ মঙলবাৰে অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে এই বিষয়ে এক বিশেষ ঘোষণা কৰে ৷ ঘোষণা অনুসৰি, ৰাজ্যৰ সকলো আৰক্ষী-বিষয়া আৰু জোৱানে বিভাগীয় শাৰীৰিক পৰীক্ষাৰ সন্মুখীন হ’ব লাগিব ৷
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে শীঘ্ৰেই সম্পূৰ্ণ বৃত্তিগতভাৱে এক 'বডী মাছ ইনডেক্স’ (Body Mass Index, BMI) পৰীক্ষা সম্পন্ন কৰিব (Assam Police to conduct BMI test) ৷ আইপিএছ, এপিএছ বিষয়াৰ পৰা আৰম্ভ কৰি আৰক্ষী সংস্থাৰ জোৱান আদি সকলোৱে এই পৰীক্ষাৰ সন্মুখীন হ’ব লাগিব । অহা ১৫ আগষ্টলৈকে সকলোকে নিজক সক্ষম প্ৰমাণিত কৰিবৰ বাবে তিনিমাহৰ সময় দিছে অসম আৰক্ষী কৰ্তৃপক্ষই ৷ ১৬ আগষ্টৰ পৰা আৰক্ষী বিষয়া আৰু জোৱানসকলৰ এই পৰীক্ষা আৰম্ভ হ’ব ৷ পৰৱৰ্তী পোন্ধৰ দিন ধৰি ৩০ আগষ্ট পৰ্যন্ত চলিব এই BMI নিৰ্ধাৰণ প্ৰক্ৰিয়া ।
যিসকল মেদবহুল নাইবা শকত লোক BMI ৩০+ শাখাত পৰিব তেওঁলোকক অতিৰিক্ত ৩ মাহৰ সময় দিয়া হ’ব নিজৰ শৰীৰৰ সক্ষমতা বৃদ্ধি কৰিবৰ বাবে ৷ এই পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম নোহোৱাসকলক নৱেম্বৰ মাহৰ শেষলৈ সময় দিব অসম আৰক্ষী কৰ্তৃপক্ষই ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে টুইটাৰযোগে ঘোষণা কৰিছে এই বিশেষ ঘোষণা । নৱেম্বৰ মাহৰ শেষলৈ যিসকলে নিজৰ স্বাস্থ্য আৰক্ষীৰ বাবে নিৰ্ধাৰিত অৱস্থালৈ ঘূৰাই আনিব নোৱাৰিব তেওঁলোকক অযোগ্য ঘোষণা কৰি বাধ্যতামূলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব ৷