অসম

assam

ETV Bharat / state

অসম আৰক্ষীৰ শীৰ্ষ বিষয়া ক'ভিড-19ত আক্ৰান্ত - স্বাৱ পৰীক্ষা

জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতা আৰু এডিচিপি পঞ্জীত দুৱাৰাৰ দেহত ধৰা পৰিছে ক'ভিড-19।

assam police top official found covid-19 positive
assam police top official found covid-19 positive

By

Published : Jul 4, 2020, 8:55 PM IST

গুৱাহাটী, 4 জুলাই : এইবাৰ অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি। জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতা আৰু এডিচিপি পঞ্জীত দুৱাৰাৰ দেহত ধৰা পৰিছে ক'ভিড-19।

যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছে জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী। তাৰ পিছতেই কৰা হয় স্বাৱ পৰীক্ষা। শনিবাৰে স্বাৱ পৰীক্ষাৰ ফলাফলত তেখেত কৰ'ণা ভাইৰাছত আক্ৰান্ত বুলি ধৰা পৰে।

জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতা

ইফালে ADCP এডমিন পঞ্জীত দুৱাৰা কৰ্তব্যৰ খাতিৰত বিভিন্ন লোকৰ সংস্পৰ্শলৈ আহিছিল। যাৰ বাবে কিছুদিন পূৰ্বে স্বাৱ পৰীক্ষা কৰিছিল। শনিবাৰে ফলাফলত তেখেত পজিটিভ বুলি ধৰা পৰে। বৰ্তমান তেখেতক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড ৱাৰ্ডত ৰখা হৈছে ।

এডিচিপি পঞ্জীত দুৱাৰা

উল্লেখ্য যে দিনক দিনে অসমত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ক'ভিড-19 য়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত পুনৰ লক্ ডাউন ঘোষণা কৰা হৈছে ৷ ৰাজ্যৰ সকলো চহৰ এলেকাত শনি আৰু দেওবাৰে বাধ্যতামূলকভাৱে লক্ ডাউন ঘোষণা কৰিছে প্ৰশাসনে ৷

লগতে পঢ়ক :বিধায়কৰ ঘৰ সোমাল ক'ভিড-19 : নিজকে কিদৰে সুৰক্ষিত কৰিছে জনপ্ৰতিনিধিয়ে !

ABOUT THE AUTHOR

...view details