গুৱাহাটী, 11 মাৰ্চ:অচিৰেই মুকলি কৰা হ’ব অসম আৰক্ষীৰ এটা নতুন বেণ্ড । অসমীয়া লোক-সংস্কৃতিৰ সকলো বাদ্যযন্ত্ৰ থাকিব এই বেণ্ডত ৷ য’ত অসমৰ স্থানীয় বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হ’ব আৰু অসম আৰক্ষীৰ প্ৰতিভাৱান কণ্ঠশিল্পীয়ে অংশ ল’ব (New band in Assam police) । বিহুৰ সময়তে আৰক্ষীয়ে এই নতুন বেণ্ডটো মুকলি কৰাৰ পৰিকল্পনা কৰিছে ৷ এই কথা সদৰী কৰিছে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (DGP GP Singh) ।
গোলাঘাটৰ নুমলিগড়ত অনুষ্ঠিত হোৱা তৃতীয় অসম ৰাজ্যিক অশ্বাৰোহণ প্ৰতিযোগিতাত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা অসম আৰক্ষীৰ অশ্বাৰোহী দলৰ সদস্যসকলক শনিবাৰে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে সম্বৰ্ধনা জ্ঞাপন কৰে (Horse riding competition) । অশ্বাৰোহী দলটোৰ ছগৰাকী সদস্যই এই প্ৰতিযোগিতাত মুঠ 7 টা পদক লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে দুগৰাকী সদস্যই চতুর্থ স্থান লাভ কৰে ।
প্ৰতিযোগিতাৰ বিভিন্ন শাখাত পদক লাভ কৰি অসম আৰক্ষীলৈ সন্মান কঢ়িয়াই অনা অশ্বাৰোহী দলটোৰ অজয় কুমাৰ উপাধ্যায়, ঋতুপৰ্ণ চেতিয়া আৰু দেৱজিৎ শইকীয়াই একোটাকৈ ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় (Assam police equestrian team) । আনহাতে জিতুমণি চেত্ৰী আৰু গিলছন মহিলাৰীয়ে একোটাকৈ আৰু মুজিবুৰ ৰহমানে দুটা ব্ৰঞ্জৰ পদক লাভ কৰে । দলটোৰ সন্তোষ হাজোৱাৰী আৰু ৰচিদুল আলমে প্ৰতিযোগিতাত চতুর্থ স্থান দখল কৰিবলৈ সক্ষম হয় (Assam police horse riding competition) ।