অসম

assam

ETV Bharat / state

পি কে দত্তক বিচাৰি কাঠমাণ্ডুত উপস্থিত CID - SI পৰীক্ষা

এতিয়াও পলাতক SI পৰীক্ষাৰ কেলেংকাৰিৰ খলনায়ক প্ৰশান্ত কুমাৰ দত্ত । পি কে দত্তক বিচাৰি কাঠমাণ্ডুত উপস্থিত CIDৰ দল । আৰক্ষীৰ চকুত ধূলি দি পুত্ৰ-জোঁৱাইসহ নেপালত আত্মগোপন পি কে দত্তৰ ।

পি কে দত্তক বিচাৰি কাঠমাণ্ডুত উপস্থিত CID
পি কে দত্তক বিচাৰি কাঠমাণ্ডুত উপস্থিত CID

By

Published : Oct 3, 2020, 12:48 PM IST

গুৱাহাটী, 3 অক্টোবৰ :দিবন ডেকাৰ পিছত এইবাৰ লক্ষ্য পি কে দত্ত । অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰিৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা প্ৰাক্তন আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্তক বিচাৰি নেপালৰ ৰাজধানী কাঠমাণ্ডুত উপস্থিত হৈছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ এটা দল । প্ৰশ্নকাকত ফাদিলৰ খলনায়ক পি কে দত্তৰ সন্ধানত নেপালৰ বিভিন্ন স্থানত অভিযান চলাইছে দলটোৱে । উল্লেখ্য যে, যোৱা 20 ছেপ্টেম্বৰত অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰী পোহৰলৈ অহাৰ পিছত 3 দিনলৈকে গুৱাহাটীতে আছিল পি কে দত্ত ।

যোৱা 23 ছেপ্টেম্বৰত শিলিগুৰিত পুত্ৰ ঈষাণ দত্তৰ সৈতে হোটেল পাৰ্ক হেভেনৰ 216 নম্বৰ কোঠাত নিশা কটাইছিল দত্তই । হোটেলত নিজৰ পাছপ'ৰ্টৰ পৰিৱৰ্তে জোঁৱায়েকৰ পাছপ'ৰ্ট দেখুৱাইছিল দত্তই । প্ৰশান্ত কুমাৰ দত্তৰ জোঁৱায়েক ছুজনভংগল মহাজন নেপালৰ নাগৰিক । যোৱা 24 ছেপ্টেম্বৰৰ পুৱা সীমান্তৰ পানীটেংকি হৈ পুত্ৰসহ নেপালত প্ৰৱেশ কৰে দত্তই । পিছত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই পাৰ্ক হেভেন হোটেলৰ সেই বিশেষ কোঠাটো ছীল কৰি পি কে দত্তৰ জোঁৱায়েক ছুজনভংগল মহাজন পাছপ'ৰ্টৰ তথ্য সংগ্ৰহ কৰে ।

অসম আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুমতি লাভ কৰাৰ পিছতে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ এটা দল নেপাললৈ ৰাওনা হয় । সম্প্ৰতি SI পৰীক্ষাৰ কেলেংকাৰীৰ খলনায়ক পি কে দত্তক বিচাৰি নেপালত অভিযান অব্যাহত ৰাখিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই ।

লগতে পঢ়ক :বিশ্বৰ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগটো মুকলিৰ দিশে ভাৰত

ABOUT THE AUTHOR

...view details