অসম

assam

By

Published : Jul 15, 2021, 6:48 AM IST

Updated : Jul 15, 2021, 5:11 PM IST

ETV Bharat / state

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল

পুনৰ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল ৷ বুধবাৰে ৰাজ্যৰ গৃহ বিভাগে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ কিছু ৰদ-বদল কৰিছে ৷ অসমৰ সীমান্ত আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক হিচাপে নিয়োজিত হৰমিত সিঙক অতিৰিক্তভাৱে প্ৰশাসন, সুৰক্ষা আদিৰ লগতে মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব অৰ্পণ ৷

police_reshuffle
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল

গুৱাহাটী,14 জুলাই :ৰাজ্যত ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচতে ৰাজ্য আৰক্ষী-প্ৰশাসন ব্যৱস্থাটোত ব্যাপক ৰদ-বদল কৰিছিল ৷ বুধবাৰে ৰাজ্যৰ গৃহ বিভাগে পুনৰ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত কিছু ৰদ-বদল কৰা দেখিবলৈ পোৱা গৈছে ৷ সেই অনুসৰি বৰ্তমানৰ অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান(SPECIAL DIRECTOR GENERAL OF POLICE) তথা বিটিআৰৰ আৰক্ষী মহাপৰিদৰ্শক(IGP BTR) এল আৰ বিষ্ণৈক (L R BISNOI)ক অতিৰিক্তভাৱে বিশেষ সঞ্চালক প্ৰধান আৰক্ষীৰ প্ৰশিক্ষণ আৰু সশস্ত্র বাহিনীৰ বিশেষ সঞ্চালক প্ৰধানৰ দায়িত্ব অপৰ্ণ কৰা হৈছে ৷

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল

একেদৰে হৰমিত সিং নিয়োজিত হৈ আছিল অসমৰ সীমান্ত আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক হিচাপে ৷ তেওঁক সেই স্থানতে ৰাখি অতিৰিক্তভাৱে প্ৰশাসন, সুৰক্ষা আদিৰ লগতে মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৷ ইপিনে গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্তৰ লগতে চি আই ডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান(CID) হিচাপে কাৰ্যনিবাহ কৰি থকা মুন্না প্ৰসাদ গুপ্তাক ‘তদাৰকী আৰু দুৰ্নীতি নিবাৰক’ৰ এডিজিপিৰ হিচাপে বদলি কৰা হৈছে ।

আনহাতে সম্প্ৰতি মুন্ন প্ৰসাদ গুপ্তাই কাৰ্যনিবাহ কৰি থকা আইজিপি (CID) অসমৰ স্থানত নিয়োগ কৰিছে শ্ৰী এ.ৱাই.ভি কৃষ্ণাক (A.Y.V.KRISHNA) ৷ মন কৰিলগীয়া যে, বৰ্তমান অসম আৰক্ষীৰ(SB & ADDITIONAL CHARGE STF )ৰ দায়িত্বত থকা হীৰেন চন্দ্ৰ নাথক অতিৰিক্তভাৱে অসম আৰক্ষীৰ DIRECTOR GENERAL OF POLICE(SECURITY)ৰ দায়িত্ব অৰ্পণ কৰিছে ৷

লগতে পঢ়কঃ Encounter সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ তদন্ত বিচাৰিলে আনন্দ মিশ্ৰই

Last Updated : Jul 15, 2021, 5:11 PM IST

ABOUT THE AUTHOR

...view details