গুৱাহাটী, ১৮ মে': অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত দ্বিতীয় বাৰৰ বাবে পুনৰ সাল-সলনি কৰা হৈছে । এই সন্দৰ্ভত ৰাজ্যৰ গৃহ(প্ৰশাসনীয়) বিভাগে এক জাননী জাৰি কৰিছে । জাননী অনুসৰি অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ কংকন জ্যোতি শইকীয়াক গুৱাহাটীৰ চি আই ডিৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।
সেইদৰে শিলাদিত্য চেতিয়াক কাহিলীপাৰাস্থিত দশম অসম আৰক্ষী বাহিনীৰ অধিনায়ক, ধেমাজিৰ আৰক্ষী অধীক্ষক ড৹ ধনঞ্জয় পৰশুৰাম ঘানাৱাটক শোণিতপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ মুগ্ধ জ্যোতি মহন্তক গুৱাহাটীৰ মান্দাকাটাস্থিত চিডি অ’ বেটেলিয়নৰ কামাণ্ডেণ্ট আৰু উক্ত পদত কাৰ্যনিৰ্বাহ কৰি থকা ৰঞ্জন ভুঞাক ধেমাজিৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।
অমৃত ভূঞাক গৃহ বিভাগৰ পূৰ্বৰ অধিসূচনা অনুসৰি খালী থকা বঙাইগাঁৱৰ অভয়াপুৰীৰ অষ্টম অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে নিযুক্ত কৰা হৈছে ।
একেদৰে তিনিচুকীয়াৰ মাকুমস্থিত দ্বিতীয় অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক হৰেকৃষ্ণ নাথক গুৱাহাটী নিৰাপত্তা আৰু চোৰাংচোৱা শাখাৰ খালী হৈ থকা উপ-আয়ুক্ত পদত নিযুক্তি দিয়া হৈছে ।
মানৱেন্দ্ৰ দেৱ ৰয়ক বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক আৰু ড৹ নন্দ সিঙক মাকুমস্থিত দ্বিতীয় অসম আৰক্ষী বাহিনীৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে।
উল্লেখ যে, সকলো আৰক্ষী বিষয়াকে ৪৮ঘণ্টাৰ পৰা ৭২ ঘণ্টাৰ ভিতৰত নিজ নিজ নতুন পদত যোগদান কৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে ।
লগতে পঢ়কঃ মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ