গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী :কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত এজাহাৰ গ্ৰহণ কৰা আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া এজাহাৰ গ্ৰহণ নকৰিলে (Assam Police Refused to Accept FIR Against CM) । যাক লৈ ক্ষোভিত হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া ৷ ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা টুইটকলৈ অসমত বি জে পিৰ যুৱ মৰ্চা আৰু বিজেপিৰ মহিলা মৰ্চাই সোমবাৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজ্যজুৰি থানাই থানাই এজাহাৰ দাখিল কৰিছিল (FIR against Rahul Gandhi)।
আনকি দিছপুৰ থানাত মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ উপস্থিতিত ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় । দেশৰ মানচিত্ৰৰ পৰা উত্তৰ-পূৱক বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ কৰা বুলি ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে । লক্ষণীয় বিষয় যে, ৰাহুল গান্ধীৰ বিৰুদ্ধে দিয়া এজাহাৰ গ্ৰহণ কৰা একেই আৰক্ষীয়ে মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া এজাহাৰ গ্ৰহণ নকৰিলে ।
উল্লেখ যে,ৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় সন্দৰ্ভত উত্তৰাখণ্ডত বিতৰ্কিত মন্তব্য (Himanta Biswa's controversial stamentment in Uttarakhand) কৰা সন্দৰ্ভত মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এখন এজাহাৰ দিয়াৰ বাবে উপস্থিত হৈছিল । কিন্তু দিছপুৰ আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অপৰাগত প্ৰকাশ কৰি উত্তৰাখণ্ডৰ ঘটনা বুলি কৈ এজাহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকে ।
লগতে পঢ়ক :'শাসকীয় দলৰ অপৰাধীক ৰক্ষণাবেক্ষণ দিছে আৰক্ষীয়ে' : মানিক সৰকাৰ