অসম

assam

যুৱতীক নিৰ্যাতনৰ ভাইৰেল ভিডিঅ’ক লৈ অসম আৰক্ষীৰ প্ৰতিক্ৰিয়া

By

Published : May 27, 2021, 5:08 PM IST

এগৰাকী যুৱতীক কেইজনমান যুৱকৰ লগতে আন এগৰাকী যুৱতীয়ে অমানৱীয় অত্যাচাৰ চলোৱা এটি ভিডিঅ’ ভাইৰেল হোৱাৰ পাচতে প্ৰতিক্ৰিয়া ব্যক্ত অসম আৰক্ষীৰ ৷ অভিযুক্ত সন্দৰ্ভত কোনো তথ্য প্ৰেৰণ কৰাজনক বিশেষ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হ’ব বুলি টুইটাৰযোগে মন্তব্য কৰে অসম আৰক্ষীয়ে ৷

assam-police-react-on-a-molestation-viral-video
নিৰ্যাতনৰ ভিডিঅ’ক লৈ অসম আৰক্ষীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,27 মে’ : ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হোৱা এটি ভিডিঅ’ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম আৰক্ষীয়ে । ভিডিঅ’টিত এগৰাকী যুৱতীক কেইজনমান যুৱকৰ লগতে আন এগৰাকী যুৱতীয়ে চলাইছে অমানৱীয় অত্যাচাৰ । অৱশ্যে এই ভিডিঅ’টোৰ ঘটনাটো ক’ত, কেতিয়া সংঘটিত হৈছে তাৰ কোনো আভাস পোৱা হোৱা নাই ।

নিৰ্যাতনৰ ভিডিঅ’ক লৈ অসম আৰক্ষীৰ প্ৰতিক্ৰিয়া

কিন্তু, এই ভিডিঅ’টিৰ শিহৰণকাৰী দৃশ্যই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ছ’চিয়েল মিডিয়াত । ভিডিঅ’টিত হোৱা বাৰ্তালাপৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ’টি উত্তৰ-পূৰ্বাঞ্চলৰ বুলি সন্দেহ কৰা হৈছে।

নিৰ্যাতনৰ ভিডিঅ’ক লৈ অসম আৰক্ষীৰ প্ৰতিক্ৰিয়া

ভিডিঅ’টিত দেখিবলৈ পোৱা গৈছে যে, কেইজনমান যুৱক আৰু এগৰাকী যুৱতীয়ে অতি নিষ্ঠুভাৱে এগৰাকী যুৱতীক প্ৰহাৰ কৰিছে । যুৱতীগৰাকীক নগ্ন কৰাই চলাইছে অকথ্য নিৰ্যাতন । ইয়াৰোপৰি যুৱতীগৰাকীৰ গোপন অংগত আক্ৰমণ কৰিছে আক্ৰমণকাৰী দলটোৱে ৷

নিৰ্যাতনৰ ভিডিঅ’ক লৈ অসম আৰক্ষীৰ প্ৰতিক্ৰিয়া

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'টিক কেন্দ্ৰ কৰি অসম আৰক্ষীয়ে টুইটাৰযোগে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া । যুৱতীগৰাকীক নিৰ্মম অত্যাচাৰ চলোৱা পাঁচ অপৰাধীৰ সন্ধান বিচাৰি অসম আৰক্ষীয়ে টুইটাৰযোগে বিবৃত্তি দিছে । আৰক্ষীয়ে টুইটাৰত শ্বেয়াৰ কৰিছে যুৱতীগৰাকীক নিৰ্মমভাৱে অত্যাচাৰ চলোৱা চাৰি যুৱকৰ লগতে এগৰাকী যুৱতীৰ ফটো ।

নিৰ্যাতনৰ ভিডিঅ’ক লৈ অসম আৰক্ষীৰ প্ৰতিক্ৰিয়া

অৱশ্যে বৰ্তমানলৈকে ভিডিঅ’ সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই অসম আৰক্ষীয়ে । যাৰ পৰিপ্ৰেক্ষিতত যিয়ে এই পাঁচ অভিযুক্ত সন্দৰ্ভত কোনো তথ্য দিব পাৰিব, তেওঁক বিশেষ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হ’ব বুলি টুইটাৰযোগে সদৰি কৰিছে অসম আৰক্ষীয়ে ৷

আনহাতে, উক্ত ভিডিঅ’ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱেও অভিযুক্তক আটক কৰাত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাগৰিকক আৰক্ষীলৈ সহায়-সহযোগিতা আগবঢ়াবলৈ টুইটাৰযোগে আহ্বান জনায় ৷

লগতে পঢ়ক :আৰ্থিক অনাটনত ভুগি আত্মহত্যা এগৰাকী ব্যক্তিৰ

ABOUT THE AUTHOR

...view details