গুৱাহাটী, 21 অক্টোবৰ : কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া আৰক্ষীৰ বীৰ-শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা জনাই শনিবাৰে সমগ্ৰ দেশৰ লগতে অসমতো অসম আৰক্ষীৰ উদ্যোগত 'আৰক্ষী স্মৃতি দিৱস' পালন কৰা হয় ৷ গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় চৌহদত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা 'আৰক্ষী স্মৃতি দিৱস'ত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই 'শ্বহীদ স্মৃতিসৌধ'ত পুষ্পাঞ্জলি অৰ্পণ কৰি বীৰ শ্বহীদসকলৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷
অনুষ্ঠানত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে আৰক্ষীৰ বীৰ শ্বহীদ সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ৷ উল্লেখ্য যে 2022 চনৰ 1 ছেপ্টেম্বৰৰ পৰা 2023 চনৰ 31 আগষ্টৰ ভিতৰত কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া ৰাজ্যিক আৰক্ষী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাৰ সাহসী বীৰ-যোদ্ধা সকলৰ প্ৰতি সন্মান জনাই অসম আৰক্ষীয়ে এই 'আৰক্ষী স্মৃতি দিৱস' উদযাপন কৰে ৷
ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ উপৰিও আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়া সকলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানটোৰ আৰম্ভণিতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আৰক্ষী স্মৃতি দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তেওঁ 1959 চনৰ 21 অক্টোবৰৰ ঐতিহাসিক ঘটনাৰ কথা উল্লেখ কৰি কয় যে সিদিনা চি আৰ পি এফৰ দহজন সাহসী জোৱানে লাডাখত চীনা সৈন্যৰ আক্ৰমণৰ বিৰুদ্ধে সাহসিকতাৰে যুঁজ দিছিল আৰু সৰ্বোচ্চ ত্যাগ কৰিছিল ৷
সেইদিনাৰ পৰাই প্ৰতি বছৰে 21 অক্টোবৰৰ দিনটো সমগ্ৰ দেশতে 'আৰক্ষী স্মৃতি দিৱস' হিচাপে পালন কৰা হয় ৷ আজিৰ স্মৃতি দিৱসত দেশৰ বাবে প্ৰাণ আহুতি দিয়া 188 জন বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় ৷ ইয়াৰ ভিতৰত অসমৰো দুজন শ্বহীদ আছে ৷ অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু আৰক্ষীৰ শীৰ্ষ বিষয়া সকল উপস্থিত আছিল ৷
লগতে পঢ়ক :Illegal Call Centre in Guwahati: লুণ্ঠনত নাম সাঙোৰ খোৱা আৰক্ষী বিষয়াৰ লগত অপৰাধৰ লিংক পোৱা নাই জিপি সিঙে