গুৱাহাটী,31অক্টোবৰ : অসম আৰক্ষীৰ ফ্লেগ দিৱস উপলক্ষে মহানগৰ আৰক্ষীয়ে আয়োজন কৰিছিল চাৰিদিনীয়াকৈ বেণ্ড প্ৰদৰ্শন কাৰ্যসূচী। শনিবাৰে গুৱাহাটীৰ জালুকবাৰীত সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। ইপিনে অসম আৰক্ষীৰ বেণ্ডৰ সংগীতৰ লহৰত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত। কেইবাটাও জনপ্ৰিয় গীত প্ৰদৰ্শন কৰে আৰক্ষীৰ বেণ্ডটোৱে। আৰক্ষীৰ এই সংগীতানুষ্ঠান চাবলৈ অসংখ্য লোকৰ সমাগম ঘটে।
জালুকবাৰীত অসম আৰক্ষীৰ বেণ্ডৰ সংগীতৰ লহৰ - অসম আৰক্ষীৰ বেণ্ড
গুৱাহাটীৰ জালুকবাৰীত সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। অসম আৰক্ষীৰ বেণ্ডৰ সংগীতৰ লহৰত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত।
![জালুকবাৰীত অসম আৰক্ষীৰ বেণ্ডৰ সংগীতৰ লহৰ assam police music program at jalukbari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9382597-637-9382597-1604155343250.jpg)
জালুকবাৰীত অসম আৰক্ষীৰ বেণ্ডৰ সংগীতৰ লহৰ
উল্লেখযোগ্য যে, আৰক্ষী আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ বাবেই অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশত এই কাৰ্যসূচী হাতত লোৱা হৈছিল। যোৱা ২৮ তাৰিখে দীঘলীপুখুৰী পাৰৰ পৰা শুভাৰম্ভণি হৈছিল এই সাংগীতিক অনুষ্ঠানৰ।
লগতে পঢ়কঃ বিশ্বনাথৰ বন বিভাগৰ জালত কুখ্যাত গড় চিকাৰী