গুৱাহাটী,7 ছেপ্তেম্বৰঃ অসম আৰক্ষীৰ আধুনীকিকৰণত গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শনিবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বৈঠকত আৰক্ষীৰ " মৈত্ৰী " আচনিখনৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ বৈঠকত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ লগতে গৃহ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷
আৰক্ষী আধুনিকীকৰণত গুৰুত্ব মুখ্যমন্ত্ৰী সোণোৱালৰ
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ ৷
আৰক্ষী আধুনিকীকৰণত গুৰুত্ব মুখ্যমন্ত্ৰী সোণোৱালৰ
আনহাতে,শনিবাৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৱেও জনতা ভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক।