গুৱাহাটী, ৪ ডিচেম্বৰ :দেৰগাঁৱৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিচত অসম আৰক্ষীয়ে বনভোজ সন্দৰ্ভত SOP জাৰি কৰিছে ৷ পথৰ দুৰৱস্থা বা দুৰ্বল পথ নিৰ্দেশনাৰ বাবে নহয়, ঘন কুঁৱলীৰ বাবেই বনভোজকাৰীৰ দলটো দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হ’ল বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে পিকনিকৰ বাবে SOP জাৰি কৰা হ’ব ৷ সেই অনুসৰিয়ে অসম আৰক্ষীয়ে SOP ৰ জৰিয়তে বনভোজ আৰু বনভোজকাৰীৰ বাবে এলানি নীতি-নিৰ্দেশনা জাৰি কৰিছে । দিয়া হৈছে ১২ টাকৈ নিৰ্দেশনা ৷
অসম আৰক্ষীয়ে জাৰি কৰা SOP খনত কোৱা হৈছে যে, সাধাৰণতে দেখা যায় ৰাজ্যখনত নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈকে পিকনিক পাৰ্টিৰ আয়োজন কৰা হয় । এই সময়ছোৱা পিকনিকৰ বাবে অনুকূল ৷ অসমত বৃহৎসংখ্যক লোকে বিভিন্ন বনভোজথলীত এনেধৰণৰ বনভোজৰ আয়োজন কৰে । এই আড়ম্বৰ আৰু উল্লাসৰ পৰিৱেশৰ মাজতে এই বনভোজকাৰী দলৰ যান-বাহন চলাচলৰ সময়ত হোৱা পথ দুৰ্ঘটনাৰ বাবে দুখজনক পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে । সেয়েহে এই বনভোজকাৰী দলসমূহৰ গতি-বিধি আদি নিয়ন্ত্ৰণৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (SOP) ব্যৱস্থা কৰাটো অতি প্ৰয়োজনীয় বুলি অনুভৱ কৰা হৈছে ।
বনভোজকাৰী দলৰ বাবে কি কি নিৰ্দেশনা আছে SOPত ?
১/ বনভোজলৈ যোৱা বাহনসমূহত যাতে অতিমাত্ৰা ভিৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ।
২/ বনভোজথলী বা ইয়াৰ আশে-পাশে কোনেও কোনো ধৰণৰ অবৈধ সুৰাৰ ব্যৱসায় কৰিব নোৱাৰিব ।
৩/ বাহনসমূহৰ চালকসকলে গাড়ী চলোৱাৰ পূৰ্বে কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন কৰিব নোৱাৰিব ।
৪/ বাহনসমূহত উচ্চস্বৰত সংগীত বজাব নোৱাৰিব ।
৫/ অবৈধ সুৰা বিক্ৰী হোৱা ধাবাত স্থানীয় আৰক্ষীয়ে অবিৰতভাৱে অভিযান চলাব ।