গুৱাহাটী, ২ ছেপ্টেম্বৰ: সদ্যসমাপ্ত স্বাধীনতা দিৱসত পদক লাভ কৰা অসম আৰক্ষীৰ বিষয়া আৰু জোৱানসকলক শনিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । গুৱাহাটীৰ উলুবাৰীস্থ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ অফিচাৰ মেচৰ সভাকক্ষত আয়োজন কৰা অনুষ্ঠানত পদক লাভ কৰা সকলক সম্বৰ্ধনা জ্ঞাপন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ।
পদক লাভ কৰা সকলক শুভেচ্ছা জ্ঞাপন কৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে পদক লাভ কৰাটো আৰম্ভণিৰ খোজ । অসম আৰক্ষীক যিটো পৰ্যায়লৈ নিব খোজা হৈছে সেই যাত্রাটো বৰ দীঘলীয়া বুলি সদৰী কৰি তেওঁ কয় যে পদক পালে ৰৈ যাম বুলি ভাবিলে নহ'ব । পদক হৈছে এতিয়ালৈকে কৰা কামৰ স্বীকৃতি ।
ক্ৰিমিনেল ইনভেষ্টিগেচন ভাল কৰাত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে আমাৰ যাত্রা যথেষ্ট দীঘলীয়া । তেওঁ লগতে কয় যে কনভিকচন ৰেট ৫ শতাংশৰ পৰা আৰম্ভ কৰি যোৱা মাহত ১৪.৮ শতাংশ হৈছে । ৰাষ্ট্ৰীয় পৰ্যায়ত এই হাৰ ৬০ শতাংশ ।
আনহাতে প্ৰত্যাহ্বান সন্দৰ্ভত তেওঁ কয় যে অসমৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰ বাবে তেওঁ চাৰি-পাঁচ দিন পূৰ্বে চৰকাৰলৈ পত্র প্ৰেৰণ কৰিছে । ইয়াৰ ফলত ইতিমধ্যে ৰাজ্যত প্ৰতিষ্ঠা কৰা শান্তি বাহাল ৰাখিব লাগিব বুলি সদৰী কৰি তেওঁ কয় যে য'ত কিছু পৰিমাণে সন্ত্রাসবাদী কাৰ্যকলাপ অব্যাহত আছে তাত আমি যুঁজ দিব লাগিব ।