অসম

assam

By

Published : Feb 14, 2020, 9:03 PM IST

ETV Bharat / state

ছাৰ্জিল ইমামক অনাৰ বাবে দিল্লীত বাহৰ পাতি আছে অসম আৰক্ষীৰ দল

ফিল্মফেয়াৰ এৱাৰ্ডৰ বাবে অসম আৰক্ষীৰ তৰফৰ পৰা সকলো ধৰণৰ সুৰক্ষা ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে ৷ তৰকাসকল থকা হোটেল,অহা যোৱা পথ আৰু গুৱাহাটী বিমানবন্দৰত বিশেষ সুৰক্ষা বেষ্টনী গঢ়ি তোলা হৈছে ৷ শনিবাৰে বিয়লি ৩ বাজাৰ পৰা দেওবাৰে পুৱা ৪ বজালৈ মহানগৰীত কোনো ধৰণৰ যান-বাহনক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব ৷ মেঘালয় পৰা অহা গধুৰ যান-বাহনক যোৰাবাটতে ৰখোৱাৰ ব্যৱস্থা কৰা হ’ব ৷

Assam police is at Delhi to bring back Sarjil Imam
ছাৰ্জিল ইমামক অনাৰ বাবে দিল্লীত বাহৰ পাতি আছে অসম আৰক্ষীৰ দল

গুৱাহাটী, 14 ফেব্ৰুৱাৰীঃ ফিল্মফেয়াৰ অনুষ্ঠানৰ সময়ত যান-বাহনৰ নীতি নিৰ্দেশনা সন্দৰ্ভত অসম আৰক্ষীৰ সংবাদমেল ৷ গুৱাহাটী আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা আৰু গুৱাহাটী যান-বাহন উপ আৰক্ষী আয়ুক্ত ৰঞ্জন ভূঞাই শুকুৰবাবে এই সংবাদমেলখন অনুষ্ঠিত কৰে ৷ গুৱাহাটী আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই জনায় যে, ফিল্মফেয়াৰ এৱাৰ্ডৰ বাবে অসম আৰক্ষীৰ তৰফৰ পৰা সকলো ধৰণৰ সুৰক্ষা ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে ৷ তৰকাসকল থকা হোটেল,অহা যোৱা কৰা পথ আৰু গুৱাহাটী বিমানবন্দৰত বিশেষ সুৰক্ষা বেষ্টনী গঢ়ি তোলা হৈছে ৷ গুৱাহাটী যান-বাহন উপ আৰক্ষী আয়ুক্ত ৰঞ্জন ভূঞাই কয় যে,পাৰ্কিং পাছ থকা যান-বাহনসমূহ ষ্টেডিয়ামৰ ভিতৰত থকা পাৰ্কিংত ৰখাব পাৰিব ৷ আনহাতে,পাৰ্কিং পাছ নথকা যান-বাহন সমূহৰ বাবে ইতিমধ্যে নালাপৰা বেহাৰবাৰী অঞ্চলত ২৭ টাকৈ বিনামূলীয়া পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে ৷ শনিবাৰে বিয়লি ৩ বাজাৰ পৰা দেওবাৰে পুৱা ৪ বাজালৈ মহানগৰীত কোনো ধৰণৰ যান-বাহনক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব ৷ এই সম্পৰ্কে কামৰূপৰ,গোৱালপাৰা, মৰিগাঁও আৰু নগাঁও জিলা প্ৰশাসনৰ সৈতে যোগযোগ কৰা হৈছে ৷ মেঘালয়ৰ পৰা অহা গধুৰ যান-বাহনক যোৰাবাটতে ৰখোৱাৰ ব্যৱস্থা কৰা হ’ব ৷

ফিল্মফেয়াৰ অনুষ্ঠানৰ বাবে মহানগৰীত যান-বাহনৰ নতুন নীতি-নিৰ্দেশনা

ইফালে ছাৰ্জিল ইমামক অসমলৈ অনাৰ প্ৰসংগত গুৱাহাটী আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তায়ই কয় যে, ছাৰ্জিল ইমামক নিজৰ জিম্মাত লৈ অসমলৈ অনাৰ বাবে অসম আৰক্ষীৰ এটা দলে দিল্লীত বাহৰ পাতি আছে ৷ তিহাৰ কাৰাগাৰ আৰু দিল্লীৰ স্থানীয় আদালতৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতহে ছাৰ্জিল ইমামক অসমলৈ আনিব পৰা যাব ৷ এই সন্দৰ্ভত তিহাৰ কাৰাগাৰ কতৃপক্ষ আৰু দিল্লী আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰখা বুলি ব্যক্ত কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে ৷

ছাৰ্জিল ইমামক অনাৰ বাবে দিল্লীত বাহৰ পাতি আছে অসম আৰক্ষীৰ দল

লগতে পঢ়ক-অসমত স্থাপন হ’ব ক্ষুদ্ৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগ : ৰামেশ্বৰ তেলী

ABOUT THE AUTHOR

...view details