গুৱাহাটী, ১৮ ডিচেম্বৰ : আৰক্ষীয়ে বিচাৰি নোপোৱা মহাপ্ৰৱঞ্চক মৃদুপৱন নেওগে গোপনে জামিনৰ বাবে আবেদন কৰিছে (Bail application of fraud Mridupawan Neog)। গুৱাহাটী উচ্চ ন্যায়ালয়ত নেওগে দাখিল কৰিছে জামিন আবেদন (Mridupawan files bail plea in Guwahati HC)। আদালতে প্ৰৱঞ্চক মৃদুপৱন নেওগৰ আবেদন নাকচ কৰিছে ।
উল্লেখ্য যে, নগাঁৱৰ এক গোচৰৰ ভিত্তিত নগাওঁ আৰক্ষীয়ে নেওগৰ বিৰুদ্ধে গুৱাহাটীৰ কাহিলীপাৰাত থকা তেওঁৰ বাসগৃহত অভিযান চলাইছিল । সেই অভিযানৰ সময়ত পিষ্টলকে ধৰি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । ৰহস্যজনকভাৱে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল এই প্ৰৱঞ্চকজনে । বিভিন্ন ক্ষমতাশালী লোকৰ সৈতে সম্পৰ্ক থকা বুলি প্ৰচাৰ কৰি প্ৰৱঞ্চনাৰ জাল মেলিছিল মৃদুপৱন নেওগ নামৰ প্ৰৱঞ্চকটোৱে ।
তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে নেওগ । নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নেওগৰ সন্দৰ্ভত দুদিনৰ পূৰ্বে তাৎপৰ্যজনক মন্তব্য কৰিছিল । আৰক্ষীৰ বিৰুদ্ধে প্ৰশ্ন উঠিছিল যে কিয় এই প্ৰৱঞ্চকটোৰ সন্ধান আৰক্ষীয়ে উলিয়াব পৰা নাই ।
তিনি মাহ ধৰি আৰক্ষীয়ে প্ৰৱঞ্চক মৃদুপৱন নেওগৰ সন্ধান উলিয়াব পৰা নাই । মৃদুপৱন নেওগৰ সন্ধান নোপোৱা আৰু আৰক্ষীৰ দুৰ্বল অভিযানে উন্মোচন কৰিছে বহু প্ৰশ্নৰ ৷ ৰাজ্যত চৰকাৰ গঠন কৰিয়ে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছিল অপৰাধ নিৰ্মূলৰ কঠোৰ অভিযান ।
তেনে অভিযানৰ মাজে মাজে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি গৈছিল যে চৰকাৰখনৰ দিনত কোনো এজন অপৰাধীয়ে সাৰি যাব নোৱাৰিব । কঠোৰ হ'ব চৰকাৰ, প্ৰশাসন । কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ তেনে মন্তব্যক চৰম ভ্ৰুকুটি কৰি তিনিমাহ ধৰি সন্ধানহীন হৈ আছে মৃদুপৱন নেওগ (Assam police fail to arrest Mridupawan Neog)। গোচৰ পঞ্জীয়ন কৰিও ব্যৱস্থা লোৱাৰ পৰা বিৰত আছে অসম আৰক্ষী । যেন কোনো অদৃশ্য শক্তিশালী শক্তিৰ আশীৰ্বাদ আছে প্ৰৱঞ্চকজনৰ ওপৰত ।
উল্লেখ্য যে, ২৪ ছেপ্টেম্বৰৰ নিশা আৰক্ষীৰ সন্মুখতে গুৱাহাটীৰ কাহিলীপাৰাস্থিত বাসভৱনৰ পৰা খিৰিকীৰে পলায়ন কৰিছিল প্ৰৱঞ্চকজনে । অভিযানকাৰী দলটোৱে মৃদুপৱনৰ ফ্লেটত তালাচী চলাই এটা ৩.২ পিষ্টল, ২০ জাঁই সক্রিয় গুলী, এ পি এছ, আই পি এছ বিষয়াৰ বেজ, ৮ টা বিদেশী মুদ্ৰা, গৃহ মন্ত্রালয়ৰ তিনিটা ষ্টাম্প পেড, অশোক স্তম্ভ থকা ভাৰত চৰকাৰৰ ফলক, এটা ছ'নী লেপটপ, এটা ডি এছ এল আৰ কেমেৰা, অশোক স্তম্ভ থকা ভিজিটিং কার্ড, চেক বুক, বেংক পাছবুক, সোণৰ চেইনকে ধৰি বহু আপত্তিজনক নথি-পত্র জব্দ কৰিছিল । নিজকে কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ৰ বিষয়া বুলি পৰিচয় দি অসম আৰক্ষীৰ নিৰাপত্তা লৈ ফুৰা প্ৰতাৰক মৃদুপৱনক কোনে প্ৰদান কৰিছিল নিৰাপত্তাৰক্ষী ।