গুৱাহাটী, 21 অক্টোবৰ:অসম আৰক্ষীৰ পৰীক্ষা কেলেংকাৰীৰ অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণক ৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ৷ ২৭ অক্টোবৰত সঞ্জিত কৃষ্ণক পুনৰ হাজিৰ কৰোৱা হ'ব কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ৷ একেদৰে জয়দীপ বৰুৱাকো ৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ লগতে পৰীক্ষা কেলেংকাৰীৰে জড়িত সৰোজ শৰ্মাক ১ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখ্য যে, তিনিগৰাকী অভিযুক্তকে পৃথক পৃথক কাৰাগাৰালৈ প্ৰেৰণ কৰিছে আদালতে ৷ সৰোজ শৰ্মাক গোৱালপাৰা, জয়দীপ বৰুৱাক মৰিগাঁও কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে, কুমাৰ সঞ্জিত কৃষ্ণক প্ৰেৰণ কৰা হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰালৈ ৷
৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কুমাৰ সঞ্জিত কৃষ্ণক - কুমাৰ সঞ্জিত কৃষ্ণ
৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল অসম আৰক্ষীৰ পৰীক্ষা কেলেংকাৰীৰ অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণক ৷ আনহাতে পৰীক্ষা কেলেংকাৰীৰে জড়িত সৰোজ শৰ্মাক ১ দিন আৰু জয়দীপ বৰুৱাক ৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷
৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কুমাৰ সঞ্জিত কৃষ্ণক
নিৰাপত্তাজনিত কাৰণত পৃথক পৃথক কাৰাগাৰালৈ আটাইকেইজনকে প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে অধিবক্তাই ৷ আনহাতে আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ জামিন আবেদন দাখিল কৰা হৈছিল কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ৷ কিন্তু আদালতত নাকচ হয় জামিন আবেদন ৷ ন্যায়িক দণ্ডাধীশ দেৱাশীষ শইকীয়া আদালতে নাকচ কৰে জামিন আবেদন ৷ এইবাৰ জামিন বিচাৰি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব সঞ্জিত কৃষ্ণৰ অধিবক্তা ৷
লগতে পঢ়ক:কাৰ্বি আংলঙত 16 টা বাঘৰ দাঁত উদ্ধাৰ