গুৱাহাটী, ১ অক্টোবৰ :অসম আৰক্ষীৰ বীৰ-শ্বহীদসকলক স্মৰণ কৰি দেওবাৰে ৰাজ্যজুৰি ‘‘অসম আৰক্ষী দিৱস’’ উদযাপন কৰা হয় । গুৱাহাটীৰ কাহিলিপাৰাস্থ চতুৰ্থ অসম আৰক্ষীৰ বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা অসম আৰক্ষী দিৱসৰ মূল কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে আই বিৰ সঞ্চালক তপন কুমাৰ ডেকাই । অনুষ্ঠানত অসম আৰক্ষীৰ আকৰ্ষণীয় কুচ-কাবাজ প্ৰদৰ্শন কৰা হয় ।
আনহাতে, মুখ্য অতিথি আই বিৰ সঞ্চালক তপন কুমাৰ ডেকাই অসম আৰক্ষীৰ মাৰ্চপাচৰ অভিবাদন গ্ৰহণ কৰে । ভাষণ প্ৰসংগত আই বিৰ সঞ্চালক তপন কুমাৰ ডেকাই কয় যে অসম আৰক্ষীত কাম কৰাৰ অভিজ্ঞতাই তেওঁক আগুৱাই যোৱাত বিশেষভাৱে সহায় কৰিছিল ।
অসম আৰক্ষীৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ কয় যে তেওঁ য’তেই নাযাওঁক কিয় অসম আৰক্ষীৰ জয়গান গাবলৈ কুণ্ঠাবোধ নকৰে । তেওঁ লগতে কয় যে উত্তৰ-পূবৰ ভূখণ্ডত অসম আৰক্ষীৰ অৱদানৰ বিষয়ে ভাৰতৰ ৰাইজ সম্পূৰ্ণৰূপে অৱগত নহয় । এইক্ষেত্রত আৰু অধিক প্ৰচাৰ কৰা উচিত বুলি তেওঁ কয় ।
অসমৰ আজিৰ এই সুৰক্ষিত পৰিৱেশৰ অন্তৰালত অসম আৰক্ষীৰ বিশেষ ভূমিকা আছে । অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে অসম আৰক্ষীৰ বীৰ-শ্বহীদসকলক স্মৰণ কৰি অসম আৰক্ষীৰ গৌৰৱোজ্বল ইতিহাসৰ বিষয়ে সদৰী কৰে ।
অসম আৰক্ষীয়ে বহু জটিল পৰিস্থিতিত ৰাজ্যখনৰ বাবে সেৱা আগবঢ়াই আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান সময়ত ৰাজ্যখনত শান্তি বাতাবৰণ গঢ় লৈ উঠিছে । তেওঁ লগতে কয় যে আজিৰ পৰা অসমৰ মাত্র চাৰিখন জিলাত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) থাকিব । বাকী জিলাসমূহৰ পৰা সম্পূৰ্ণৰূপে এই আইন আঁতৰ কৰোৱা হৈছে ।