গুৱাহাটী, ২০ নৱেম্বৰ:বিশ্ব শিশু দিৱস উপলক্ষে আজি অসম আৰক্ষীৰ অপৰাধ অনুন্ধান বিভাগৰ তত্বাৱধানত মুকলি কৰা হয় অসম আৰক্ষী শিশু মিত্ৰ সমল কেন্দ্ৰ। ইউনিচেফ আৰু স্বেচ্ছাসেৱী সংস্থা ‘উৎসাহ’ৰ সহযোগিতাত গঠন কৰা হয় অসম আৰক্ষীৰ শিশু মিত্ৰ সমল কেন্দ্ৰটো । শিশু কেন্দ্ৰটো মুকলি কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ মহন্তই ভাষণ কয় যে, প্ৰতি বছৰত ২০ নৱেম্বৰ দিনটোত বিশ্বব্যাপী শিশু দিৱস পালন কৰা হয় । ১৯৫৯ চনৰ আগত অক্টোবৰত বিশ্বব্যাপী শিশু দিৱস পালন কৰা হৈছিল । কিন্তু ৰাষ্ট্ৰসংঘৰ সাধাৰণ সন্মিলনত ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে 20 নৱেম্বৰ দিনটোত শিশু দিৱস হিচাপে পালন কৰা হৈছিল। বিভিন্ন সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীৰ মাজত মেল বন্ধন আৰু বুজা-পৰা গঢ়ি তুলিবলৈ আৰু তাৰ লগে লগেই শিশুসকলৰ মংগলৰ বাবে সমগ্ৰ বিশ্বজুৰি শিশুসকলৰ উন্নতিৰ বাবে ২০ নৱেম্বৰ তাৰিখটোৱেই বিশেষকৈ বাছি লোৱা হৈছিল ৷ কিয়নো এই দিনটো ১৯৫৯ চনৰ দিনটোক আঙুলিয়াই দিছিল,যিটো দিনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সন্মিলনত শিশুসকলৰ অধিকাৰৰ ঘোষণা পত্ৰ গ্ৰহণ কৰা হৈছিল ।
অসম আৰক্ষীৰ শিশু মিত্ৰ সমল কেন্দ্ৰ মুকলি - children day
বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ তথা অসম সন্তান উজ্জ্বল ভূঞাই অসম আৰক্ষীৰ এই উদ্যোগৰ জৰিয়তে সমাজৰ বঞ্চিত-অৱহেলিত শিশুসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে ৷
অনুষ্ঠানটোত বিশেষ অতিথি হিচাপে উপস্থিত থাকি বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ তথা অসম সন্তান উজ্জ্বল ভূঞাই অসম আৰক্ষীৰ এই উদ্যোগৰ জৰিয়তে বঞ্চিত-অৱহেলিত শিশুসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে ৷ তেওঁ লগতে শিশু শ্ৰমিক তথা শোষিত-নিষ্পেষিত শিশুৰ প্ৰতি সামাজিত দায়িত্ববোধ হিচাপে সকলো জনসাধাৰণেই সজাগ আৰু সচেতন হোৱাটো প্ৰয়োজন বুলি উল্লেখ কৰে। উল্লেখ্য যে,শিশু অৱস্থাত পিতৃহীন তথা নিথৰুৱা শিশুক অসম আৰক্ষীৰ তত্বাৱধানত ৰাখি পঢ়া-শুনা কৰোৱাই সফলতা অৰ্জন কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা কেইবাগৰাকীও যুৱক-যুৱতীক অনুষ্ঠানত সন্মানিত কৰা হয় ।
লগতে পঢ়ক: যোৰহাটত এটা দৰিদ্ৰ পৰিয়ালক গৃহ দান কৰিলে বিৰাজ হাজৰিকাই