অসম

assam

ETV Bharat / state

সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ আৰক্ষীৰ - ASSAM POLICE attacked pragnews jorrnalist

প্ৰাগনিউজ মুখ্য কাৰ্যালয়ত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি কৰ্মচাৰীসকলৰ ওপৰত আক্ৰমণ অসম আৰক্ষী জোৱানৰ ৷ গুৰুতৰভাৱে আহত দুজন সংবাদকৰ্মী ৷

ASSAM POLICE attacked Prag News journalist
প্ৰাগ নিউজৰ সংবাদকৰ্মীক আক্ৰমণ অসম আৰক্ষী জোৱানৰ

By

Published : Dec 12, 2019, 10:07 PM IST

Updated : Dec 13, 2019, 7:36 AM IST

গুৱাহাটী,12 ডিচেম্বৰ: প্ৰাগ নিউজৰ সংবাদকৰ্মীৰ ওপৰত আৰক্ষীৰ আক্ৰমণ ৷ অসমৰ সংবাদ মাধ্যম প্ৰাগ নিউজৰ কাৰ্যালয়ত আৰক্ষীয়ে প্ৰৱেশ কৰি প্ৰহাৰ কৰে দুজন সংবাদকৰ্মীক ৷ চিচি টিভি কেমেৰাত আবদ্ধ হয় এই সম্পূৰ্ণ ঘটনা ৷

প্ৰাগনিউজত আৰক্ষীয়ে আক্ৰমণ কৰা ঘটনাৰ চিচি টিভি ফুটেজ
সন্ধিয়া 5.28 বজাৰ সময়ত উলুবাৰীস্থিত প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত 20 জনীয়া আৰক্ষী জোৱানৰ দলে বলপূৰ্বকভাৱে প্ৰৱেশ কৰে ৷ কাৰণবিহীনভাৱে নিউজ চেনেলটোৰ কিছু কৰ্মচাৰীৰ ওপৰত নিৰ্বিচাৰভাৱে প্ৰহাৰ কৰে আৰক্ষী জোৱান দলটোৱে ৷ আৰক্ষীৰ এই বৰ্বৰ আক্ৰমণত হীৰক কলিতা আৰু দিগন্ত দাস নামৰ দুজন কৰ্মচাৰী গুৰুতৰ ভাৱে আহত হয় ৷
প্ৰাগ নিউজৰ সংবাদকৰ্মীক আক্ৰমণ অসম আৰক্ষী জোৱানৰ
এই আক্ৰমণ ঘটনাৰ বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষী সঞ্চালক প্ৰধানক চৰ্তহীনভাৱে ক্ষমা খুজিবলৈ চতুৰ্থ ষ্টেট দাবী(Fourth Estate Demand) জনাই প্ৰাগ নিউজৰ পৰিচালনা সম্পাদক প্ৰণয় বৰদলৈয়ে ৷ বৰ্তমান এই ঘটনাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰিছে বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংঠনে ৷
Last Updated : Dec 13, 2019, 7:36 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details