গুৱাহাটী, ৬ মে’: অসম আৰক্ষীয়ে শেহতীয়াকৈ যৌন নির্যাতনৰ বলি হোৱা শিশু তথা তেনে শিশুৰ পৰিচয় প্ৰকাশ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে । যৌন নির্যাতনৰ বলি হোৱা শিশুৰ পৰিচয়ৰ লগতে তেওঁৰ পৰিয়ালৰো সম্পূর্ণ পৰিচয় সংবাদ মাধ্যমত সততেই প্ৰচাৰ হোৱা বিষয়টোক লৈ বাৰুকৈয়ে বিৰক্ত হৈছে অসম আৰক্ষী । যাৰবাবে অসম আৰক্ষীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈ বাধ্য হৈছে । উল্লেখযোগ্য যে শেহতীয়াকৈ মাৰ্ঘেৰিটাত যৌন নির্যাতনৰ বলি হৈ মৃত্যু হোৱা (Margherita Rape and murder case) এটি শিশুৰ সবিশেষ ৰাজ্যৰ একাংশ সংবাদ মাধ্যমত উপর্যুপৰি সম্প্ৰচাৰ কৰি থকা হৈছে । সংবাদ মাধ্যমৰ এই কাৰ্যত বিৰক্ত হৈ আজি অসম আৰক্ষীয়ে শুকুৰবাৰে নিশা এক সতর্কতা জাৰি কৰিছে ।
অসম আৰক্ষীয়ে জাৰি কৰা সতর্কতাটোত ‘পকচো’ আইনৰ ২৩ (২) ধাৰাৰ উদ্ধৃতি দি কোৱা হৈছে যে এই কঠোৰ আইনৰ উক্ত ধাৰা অনুসৰি যৌন নির্যাতনৰ বলি হোৱা কোনো শিশুৰ পৰিচয় অর্থাৎ নাম, ঠিকনা, ফটো, পৰিয়ালৰ সবিশেষ, অধ্যয়নৰত বিদ্যালয়ৰ নাম, চুবুৰীয়া অঞ্চল বা অন্য কোনো সবিশেষ প্ৰকাশ কৰাটো নিষিদ্ধ, যিটোৰ জৰিয়তে শিশুটোৰ পৰিচয় প্রকাশ হ'ব পাৰে (Disclosure of identity of the victim child) । অৰ্থাৎ এই আইনৰ অধীনত যৌন নির্যাতনৰ বলি হোৱা শিশুৰ কেৱল নাম প্রকাশ কৰাটোৱেই নিষিদ্ধ নহয়, সংবাদ মাধ্যমে শিশুটি সম্পর্কীয় এনে কোনো তথ্যই প্রকাশ কৰিব নোৱাৰে, যাৰ জৰিয়তে নিৰ্যাতনৰ বলি হোৱা শিশুটোৰ পৰিচয় ব্যক্ত হ’ব পাৰে (Assam Police Tweet) ।