গুৱাহাটী,6 মাৰ্চঃনিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে অসম আৰক্ষীয়ে । বিশেষকৈ বহিঃৰাষ্ট্ৰৰ ড্ৰাগছ মাফিয়াৰ দৃষ্টি পৰিছে উত্তৰ-পূৱত। বহিঃৰাষ্ট্ৰৰ ড্ৰাগছ মাফিয়াই ধ্বংসৰ মুখলৈ ঠেলি দিছে উত্তৰ-পূবৰ নৱপ্ৰজন্মক। বহিঃৰাষ্ট্ৰৰ ড্ৰাগছ মাফিয়াৰ পৰা উত্তৰ-পূবৰ নৱ প্ৰজন্মক ৰক্ষা কৰিবলৈ এইবাৰ কঁকালত টঙালি বান্ধিছে অসম আৰক্ষীয়ে। ভাৰতত থাকি বহিঃৰাষ্ট্ৰৰ ড্ৰাগছ মাফিয়া বিশেষকৈ দক্ষিণ পূৱ এছিয়াৰ দেশ সমূহৰ ড্ৰাগছ মাফিয়াক নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ পন্থা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে। শুকুৰবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীয়ে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ আৰক্ষী বিষয়াসকলৰ বাবে অনুষ্ঠিত কৰে এক বিশেষ কৰ্মশালাৰ লগতে প্ৰশিক্ষণ অনুষ্ঠান। অনুষ্ঠানত আৰক্ষী বিষয়া সকলক দক্ষিণ পূব এছিয়াৰ দেশ সমূহৰ ড্ৰাগছ মাফিয়াক কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি ইয়াৰ ওপৰত আলোচনা কৰা হয়। কৰ্মশালাৰ আৰু প্ৰশিক্ষণ অনুষ্ঠানত উপস্থিত থাকি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয় অসম আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈছে ।
ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা অসম আৰক্ষীৰ - নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে জেহাদ অসম আৰক্ষীৰ
আফিং খেতিৰ লগত জড়িত ব্যক্তি সকলৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব অসম আৰক্ষী । বহিঃৰাষ্ট্ৰৰ ড্ৰাগছ মাফিয়াৰ লগত মোকাবিলা কৰিবলৈ উত্তৰ-পূবৰ আৰক্ষী বিষয়া সকলক বিশেষ প্ৰশিক্ষণ অসম আৰক্ষীৰ ৷
"আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আফিংৰ খেতি ধ্বংস কৰিছো আৰু আমাৰ এই অভিযান অব্যাহত থাকিব। আমাৰ নৱপ্ৰজন্মক নিচাজাতীয় সামগ্ৰীৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ অসম আৰক্ষী প্ৰতিজ্ঞাবদ্ধ । "অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে লগতে কয় যে সন্ত্ৰাসবাদীয়ে ঘাটি হিচাপে ব্যৱহাৰ কৰা দেশ সমূহৰ মাধ্যমেৰে সন্ত্ৰাসবাদীয়ে অবৈধ অস্ত্ৰ আৰু ড্ৰাগছৰ বেহা নিয়ন্ত্ৰণ কৰে । উল্লেখ্য যে,অসম আৰক্ষী আফিং খেতিৰ বিৰুদ্ধেও অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে। কিছুদিন পূৰ্বে অসম আৰক্ষীয়ে নামনি অসমৰ দক্ষিণ শালমৰা মানকাচৰ জিলাৰ বিভিন্ন অঞ্চলত হাজাৰ হাজাৰ বিঘা আফিং খেতি নষ্ট কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়কঃজামুগুৰিহাটত চৰকাৰী ভূমিত বাস কৰা 40 টা পৰিয়ালক উচ্ছেদ