গুৱাহাটী, ২ মাৰ্চ : চলিত মাহৰ ৪ আৰু ৫ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হ’ব অসম ফিজিঅ’কন ২০২৩ নামেৰে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অধিৱেশন (Assam Physiocon 2023 to be held in Guwahati) ৷ আধুনিক চিকিৎসা বিজ্ঞানৰ অভিন্ন বিভাগ ফিজিঅ’থেৰাপি চিকিৎসা আৰু শিক্ষাৰ প্ৰচাৰ, প্ৰসাৰ আৰু আধুনিক গুণগত বৈজ্ঞানিক তথ্যৰ আদান প্ৰদানৰ এখন মঞ্চ সৃষ্টিৰ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে এই অধিৱেশনৰ ৷
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা অসম ফিজিঅ’কন ২০২৩ অধিৱেশনৰ বাবে ইতিমধ্যে সাজু হৈছে আয়োজকসকলো ৷ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেল সম্বোধন কৰি অসম ফিজিঅ’কন ২০২৩ ৰ প্ৰচাৰ সম্পাদক ডাঃ প্ৰণৱ চক্ৰৱৰ্তীয়ে এই কথা সদৰী কৰে ৷
ডাঃ প্ৰণৱ চক্ৰৱৰ্তীয়ে উল্লেখ কৰা অনুসৰি, অসমৰ বিভিন্ন প্ৰান্তৰ কৰ্মৰত ফিজিঅ’থেৰাপিষ্ট আৰু ফিজিঅ’থেৰাপি বিভাগত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ভাৰতৰ বিভিন্ন প্ৰদেশৰ অভিজ্ঞ ফিজিঅ’থেৰাপিষ্ট আৰু ছাত্ৰ-ছাত্ৰী তথা বিদেশৰ বহুকেইজন ফিজিঅ’থেৰাপী বিভাগৰ অধ্যাপক আৰু চিকিৎসকে এই ৰাষ্ট্ৰীয় অধিৱেশনত যোগদান কৰিব ৷
অধিৱেশনখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ অসমৰ ফিজিঅ’থেৰাপিষ্টসকলৰ সৰ্বসন্মতি ক্ৰমে জ্যেষ্ঠ ফিজিঅ’থেৰাপিষ্ট ডাঃ দ্বিজেন্দ্ৰ কুমাৰ তালুকদাৰক অধ্যক্ষ, ড৹ অভিজিৎ দত্তক সভাপতি আৰু ডাঃ ৰিতুৰাজ বাইলুং সোণোৱালক সাংগঠনিক সম্পাদক হিচাপে লৈ এখন আয়োজক সমিটী গঠন কৰি অধিৱেশনৰ বাবে প্ৰস্তুতি চলোৱা হৈছে ৷