গুৱাহাটী, ৯ ফেব্ৰুৱাৰী: নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে মিত্ৰজোঁট গঠন কৰাত এতিয়া ব্যস্ত হৈ পৰিছে সকলো ৰাজনৈতিক দলে । বিজেপিৰ নেতৃত্বত মিত্ৰজোঁট, কংগ্ৰেছৰ নেতৃত্বত মহাজোঁট বন্ধন আৰু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত মিত্ৰজোঁট গঠন হোৱাৰ পিছত ৰাজ্যত এইবাৰ গঠিত হ'ল আন এক মিত্ৰজোঁট । ৰাজ্যত এইবাৰ ৭টাকৈ ৰাজনৈতিক দলৰ মাজত মিত্ৰতা ।
মঙলবাৰে গঠন হ'ল "আছাম পিপ'লছ ডেম'ক্ৰেটিক এলায়েন্স" - নিৰ্বাচনী যুঁজত অৱতীৰ্ণ
মিত্ৰজোঁট ! বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া যেন ৰাজ্যত মিত্ৰজোঁট গঠনৰ ঢৌ । মিত্ৰতাৰ এনাজৰী শক্তিশালী কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা কৰিছে ৰাজনৈতিক দলসমূহে । এইবাৰ ৰাষ্ট্ৰীয় উলেমা কাউন্সিল, ভাৰতীয় গণ পৰিষদকে ধৰি ৭টা ৰাজনৈতিক দল লগ হৈ গঠিত কৰিলে "আছাম পিপ'লছ ডেম'ক্ৰেটিক এলায়েন্স" ।
মঙলবাৰে ৰাজনৈতিক দলকেইটা একত্ৰিত হৈ গঠন কৰিলে "আছাম পিপ'লছ ডেম'ক্ৰেটিক এলায়েন্স" । দিছপুৰ প্ৰেছক্লাৱত এক সংবাদমেল সম্বোধন কৰি মিত্ৰজোঁট গঠনৰ কথা সদৰি কৰিলে দলকেইটাৰ নেতৃত্বই ৷ আগন্তুক বিধানসভা নিৰ্বাচনত ১২৬টা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় উলেমা কাউন্সিল, পলিটিকেল জাষ্টিচ পাৰ্টী, ভাৰতীয় গণ পৰিষদকে ধৰি ৭টা দল একত্ৰিত হৈ গঠন কৰিছে "আছাম পিপ'লছ ডেম'ক্ৰেটিক এলায়েন্স" ৷
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা, সাম্প্ৰদায়িকতা বন্ধ কৰা, অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা, ডি ভোটাৰ সমস্যা সমাধান আদি বিষয়ক মূল বিষয় হিচাপে লৈ ৰাজনৈতিক যুদ্ধত নামিব বুলি ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ৱাইদুৰ ৰহমান কাছিমিয়ে মন্তব্য কৰে ৷ ১২৬টা সমষ্টিৰ ভিতৰত ৭০টা সমষ্টিতে বিপুল ভোঁটত জয়লাভ কৰিব বুলি দাবী কৰিছে মিত্ৰজোঁটত থকা দলকেইটাৰ নেতাসকলে ।
লগতে পঢ়ক:শদিয়াত 9 টাকৈ অসুস্থ শগুণ উদ্ধাৰ